ETV Bharat / state

কোকৰাঝাৰত উলহ মালহেৰে ষট পূজা পালন

author img

By

Published : Nov 20, 2020, 10:59 PM IST

ষট পূজা উপলক্ষে কোকৰাঝাৰত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক সমাগম ৷ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ ভাওৰাগুৰি বাৰোৱাৰী ঘাটত বিধিগত ভাৱে ষট পূজা সম্পন্ন ৷ ধৰ্মীয় পৰম্পৰা অনুসৰি বিয়লি অস্তমুখী সূৰ্য দেৱতাক ভক্তৰ প্ৰণাম ৷

কোকৰাঝাৰত উলহ মালহেৰে ষট পূজা পালন
কোকৰাঝাৰত উলহ মালহেৰে ষট পূজা পালন

কোকৰাঝাৰ, 20 নৱেম্বৰ: উলহ মালহেৰে কোকৰাঝাৰৰ গোসাঁইগাঁও,ভাওৰাগুৰি আৰু তামাৰহাটত ষট পূজা পালন ৷ দুৰ্গোৎসৱ আৰু দীপাৱলীৰ আনন্দ উল্লাসৰ পাছতেই কোকৰাঝাৰৰ পূজাস্থলী সমূহত সূৰ্য আৰাধনা পূজাৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক ভিৰ ৷

ষট পূজা উপলক্ষে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰি বাৰোৱাৰী ঘাটত বিধিগত ভাৱে ষট পূজা সম্পন্ন কৰাৰ বাবে ঘাট আৰু পূজা মণ্ডপ সমূহ আটকধুনীয়াকৈ সা সুবিধাৰে সজাই পৰাই তোলে ৷ নিৰ্ধাৰিত ঘাটত পূজাৰ বিভিন্ন সা সামগ্ৰী লৈ সহস্ৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হয় ।

ধৰ্মীয় পৰম্পৰা অনুসৰি বিয়লি অস্তমুখী সূৰ্য দেৱতাক প্ৰণাম জনোৱাৰ পাছতে ভজন কীৰ্ত্তন আৰু ষট পূজাৰ আৰতি আৰম্ভ হয় ৷ শনিবাৰে পুৱতি নিশাৰ পৰা উদিত সূৰ্য দেৱতাৰ পৰম্পৰাগত পূজা আৰু যজ্ঞৰ পাছতেই প্ৰসাদ বিতৰণৰে ষট্ পূজাৰ দুদিনীয়া কাৰ্যসূচী সমাপ্ত হব ।
লগতে পঢ়ক: নলবাৰীৰ পাগলদিয়া ঘাটত ষট পূজা পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.