ETV Bharat / state

Preparation for annual session of UPPL: UPPLৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ মুখ্য কাৰ্যালয় মুকলি - UPPLৰ ত্ৰি বাৰ্ষিক অধিৱেশন

কোকৰাঝাৰত ইউপিপিএলৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিবেশনখনক লৈ ব্যাপক প্ৰস্তুতি(Preparation for annual session of UPPL) ৷ মঙলবাৰে অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ মুখ্য কাৰ্যালয় মুকলি কৰে ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ৷

central conference of uppl held in kokrajhar
UPPLৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ মুখ্য কাৰ্যালয় মুকলি
author img

By

Published : Nov 1, 2022, 8:50 PM IST

কোকৰাঝাৰ,১ নৱেম্বৰ: BTR ৰ শাসকীয় দল UPPL ৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনখনক লৈ কোকৰাঝাৰত ব্যাপক প্ৰস্তুতি(Preparation for annual session of UPPL) ৷ কোকৰাঝাৰৰ নিকটৱৰ্তী চন্দ্ৰপাৰাত অহা ১১ নৱেম্বৰৰৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হব UPPL ৰ এই অধিৱেশন ৷ মঙলবাৰে চন্দ্ৰপাৰাত UPPL ৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ মুখ্য কাৰ্যালয় মুকলি কৰা হয় ৷ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ৷

UPPLৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ মুখ্য কাৰ্যালয় মুকলি

উল্লেখ্য যে, অধিৱেশনখন শৃংখলাবদ্ধতাৰে পৰিচালিত কৰিবলৈ স্থানীয় বিধায়ক লৰেন্স ইছলাৰীক অধ্যক্ষ আৰু বিটিআৰৰ পাৰিষদ মাধৱ ছেত্ৰীক মুখ্য আহ্বায়ক হিচাপে লৈ ইতিমধ্যে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে ৷ UPPLৰ কোকৰাঝাৰ অধিৱেশনত আগন্তক লোকসভাৰ নিৰ্বাচন, দলক শক্তিশালী কৰা আৰু দলীয় বিভিন্ন দিশত আলোচনা কৰা হ'ব ৷

ইফালে অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি কৰি ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত আগন্তক লোকসভা নিৰ্বাচনত বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটে ৰাজ্যৰ 14 খন লোকসভা আসন দখল কৰিব বুলি দাবী কৰে ৷ সাংসদ নাৰ্জাৰীয়ে লগতে আৰু কয় যে কোকৰাঝাৰত হ'বলগীয়া অধিৱেশনখনত ইউপিপিএল দলক অধিক শক্তিশালী কৰা আৰু লোকসভা নিৰ্বাচনক লৈ ৰণনীতি তৈয়াৰ তথা আলোচনা কৰা হ'ব ৷

ইফালে আজিৰে পৰা আৰম্ভ হোৱা ধুবুৰীৰ পৰা শদিয়ালৈ কংগ্ৰেছৰ ভাৰত জোড়ো অভিযানে(Bharat Jodo Yatra of Congress) কোনো প্ৰভাৱ নেপেলাই আৰু আজিৰ তাৰিখত অসমত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই বুলি মন্তব্য কৰে সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে ৷

লগতে পঢ়ক: Firing in Dibrugarh: ডিব্ৰুগড়ৰ গুলী চালনাৰ ঘটনা সন্দৰ্ভত আটক দুই অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.