ETV Bharat / state

নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ সমাপ্তি - Dance Program

Nath Yogi Students Union conference: সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ সফল সমাপ্তি ৷ অৰবিন্দ নাথ সভাপতি, দীপক নাথ সম্পাদক হিচাপে নিৰ্বাচিত। অধিৱেশনৰ অন্তিম দিনা ৭০০০ নাচনিৰ দ্বাৰা প্ৰদৰ্শিত কাৰ্তিকা নৃত্যক জীৱনত দেখা তিনিটা নান্দনিক দৃশ্যৰ ভিতৰত অন্যতম আখ্যা দিলে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

Central Conference of Nath Yogi Student Union in Kokrajhar
নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ সমাপ্তি
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:15 AM IST

নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ সমাপ্তি

কোকৰাঝাৰ,৩০ ডিচেম্বৰ: সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক অধিবেশনখনৰ শুকুৰবাৰে নিশা সফল সামৰণি পৰে । যোৱা ২৭ ডিচেম্বৰৰ পৰা কোকৰাঝাৰৰ ভূটীয়াপাৰাত অনুষ্ঠিত হোৱা অধিবেশনৰ শুকুৰবাৰে অন্তিমদিনা সাংস্কৃতিক শোভাযাত্ৰা আৰু অভিলেখসংখ্যক ৭০০০ নাচনিয়ে একেলগে কৃষ্টি প্ৰদৰ্শন কৰি নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে । অধিবেশনৰ সতে সংগতি ৰাখি সন্ধিয়া এক মুকলি সভাও অনুষ্ঠিত হয় য'ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

মুকলি সভাৰ পূৰ্বে ৭০০০ নাচনিয়ে একেলগে প্ৰদৰ্শন কৰা কাৰ্তিকা নৃত্য প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে । সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে তেওঁ জীৱনত তিনিটা নান্দনিক দৃশ্য দেখাৰ ভিতৰত এই অধিবেশনত প্ৰদৰ্শিত হোৱা নাথ যোগীসকলৰ এই কাৰ্তিকা নৃত্য অন্যতম । তেওঁ কয় প্ৰথম নান্দনিক দৃশ্য আছিল যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা ১৬০০০ ব্যাক্তিয়ে একেলগে কৰা খোলবাদনৰ দৃশ্য । দ্বিতীয় নান্দনিক দৃশ্য আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত একেলগে ১১০০০ বিহুৱতীৰ দ্বাৰা গুৱাহাটীৰ সৰুসজাইত বিহুনৃত্য পৰিৱেশন আৰু তৃতীয় নান্দনিক দৃশ্য হ'ল নাথ যোগী ছাত্ৰ সন্থাৰ দ্বাৰা ৭০০০ নাচনিৰ দ্বাৰা কাৰ্তিকা নৃত্য প্ৰদৰ্শন কৰা ।

নাথ যোগী ছাত্ৰ সন্থাই হেৰাই যাবলৈ ধৰা অসমীয়া কৃষ্টি, লোকসংস্কৃতিক ধৰি ৰখাৰ প্ৰয়াসক প্ৰশংসা কৰে ৰণজিৎ কুমাৰ দাসে । তদুপৰি মন্ত্ৰীগৰাকীয়ে নাথ যোগীৰ দাবী উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা হ'ব বুলি সদৰী কৰে । তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ অভাৱ-অভিযোগ, সমস্যা সমাধান কৰি আহিছে গতিকে নাথ যোগীসকলৰ সমস্যাও সমাধান কৰিব ।

ইফালে শুকুৰবাৰে নিশা অনুষ্ঠিত হয় প্ৰতিনিধি সভা । প্ৰতিনিধি সভাত গ্ৰহণ কৰা হয় কেবাটাও সিদ্ধান্ত । ইয়াৰ ভিতৰত নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন কৰাৰ দাবীত অহা ফেব্ৰুৱাৰী মাহত নতুন দিল্লীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰোপৰি উক্ত প্ৰতিনিধি সভাতে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হয় । প্ৰতিনিধি সভাতে সৰ্বসন্মতিক্ৰমে অৰবিন্দ নাথক সভাপতি আৰু দীপক নাথক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন কৰা হয় ।

উল্লেখ্য যে মুকলি সভাৰ পূৰ্বে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হয় । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈয়ে। শোভাযাত্ৰাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা, গৌৰাংগ ৰাগ নাথ আৰু অভিনেতা ৰাগ ঐনিতমে অংশগ্ৰহণ কৰে । শোভাযাত্ৰাত প্ৰায় দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি ভূটীয়াপাৰা খেলপথাৰৰ পৰা বালাজান তিনিআলি, বালাগাঁও হৈ পুনৰ ভূটীয়াপাৰা খেলপথাৰত সমবেত হয় । লগতে নিশা কেবা সহস্ৰাধিক লোকৰ উপস্থিতিত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হয় । য'ত কেইবাগৰাকীও প্ৰতিষ্ঠিত শিল্পীয়ে নিজৰ অনুষ্ঠান প্ৰদৰ্শন কৰি সংস্কৃতিপ্ৰেমী ৰাইজক আপ্লুত কৰি তোলে ।

লগতে পঢ়ক: আলফা-চৰকাৰৰ শান্তিচুক্তিক আদৰণি প্ৰাক্তন আলফা ঐক্যমঞ্চৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.