কোকৰাঝাৰ, ১৮ ডিচেম্বৰ : এটা বছৰ সম্পূৰ্ণ হ’ল প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদ (BTC council lead by Pramod Bodo)ৰ ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপি পৰিষদীয় চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি (One Year Completion of BTC council) উপলক্ষে শনিবাৰে বিটিআৰ সচিবালয় প্ৰাংগণত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী ৷ বৰ্ষপূৰ্তিৰ এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Dr Himanta Biswa Sarma) ৷
বিটিচি পৰিষদৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে পুৱা ‘দোতমাৰ থুলুংগাপুৰীস্থিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম’ ৰ সমাধিক্ষেত্ৰ আৰু প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে (BTC Chief Pramod Boro) ৷ লগতে কোকৰাঝাৰৰ ভাটিপাৰাস্থিত বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতিমূৰ্তিতো পুষ্পাঞ্জলি অৰ্পণ কৰে মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷
উল্লেখ্য যে, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদৰ প্ৰথম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি চান্দামাৰীত আই টি পাৰ্ক মুকলি কৰিব মুখ্যমন্ত্ৰী শৰ্মাই । ইয়াৰ পাচতে বিটিআৰ সচিবালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া মুকলি সভা তথা বিশাল জনসভাত অংশ ল’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক : One year of Pramod Boro's BTC council : বিটিআৰ সচিবালয়ত উদযাপন বিটিচি পৰিষদৰ বৰ্ষপূৰ্তি