ETV Bharat / state

Kokrajhar Encounter : ঘটনাৰ সবিশেষ বৰ্ণনা কৰিলে আৰক্ষী বিষয়াই - আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে

কোকৰাঝাৰ আৰক্ষীৰ সাফল্য বেংকত ডকাইতি কৰিবলৈ আহি কোকৰাঝাৰ আৰক্ষীৰ গুলীত নিহত তিনিটাকৈ ডকাইত ৷ ধুবুৰীৰ বহু ঠাইত ডকাইতি কৰাৰ পৰিকল্পনা কৰি আছিল দলটোৱে ৷

BTR IGP and Koj S P press meet
আৰক্ষীৰ গুলীত নিহত হ’ল তিনিটাকৈ জঘন্য ডকাইত
author img

By

Published : Aug 22, 2021, 10:59 PM IST

Updated : Aug 23, 2021, 9:55 AM IST

কোকৰাঝাৰ ২২ আগষ্ট : কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত ভোটগাঁৱৰ কাশিপাৰাস্থিত এলাহাবাদ বেংকত ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হোৱা তিনি ডকাইতক আৰক্ষীয়ে চিনাক্ত কৰিছে । আৰক্ষীৰ গুলীত নিহত ডকাইত তিনি জনক ক্ৰমে গোৱালপাৰা জিলাৰ লক্ষীপুৰ জলেশ্বৰৰ বাৰেক আলীৰ পুত্ৰ মনোৱাৰ হুছেইন (২৭), মতলেব আলিৰ পুত্ৰ আমিনুল হক (২৮) আৰু দক্ষিণ শালমাৰা জিলাৰ মানকাছাৰৰ বাগাৰপাৰাৰ আব্দুল ছুবুৰৰ পুত্ৰ চিৰাজ দৌলা শ্বেখ (২৬) বুলি কোকৰাঝাৰ আৰক্ষীয়ে সদৰী কৰিছে ।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰেক্ষাগৃহত দেওবাৰে বিয়লী এক সংবাদমেল আয়োজিত হয় ৷ সংবাদ মেলত বিটিআৰৰ আইজিপি ড৹ এল আৰ বিষ্ণৈ আৰু জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই এই বিষয়ে সদৰী কৰে ৷ তেওঁ কয় যে, কোকৰাঝাৰ জিলাৰ কাশিপাৰা ভোটগাঁওস্থিত এলাহাবাদ বেংকত এদল ডকাইতে বেংক ডকাইতি কৰিবলৈ অহাৰ নিশ্চিত তথ্য লাভ কৰি আৰক্ষীয়ে কেবাটাও স্থানত খাপ পিটি ৰয় ।

আৰক্ষীৰ গুলীত নিহত হ’ল তিনিটাকৈ জঘন্য ডকাইত

ইতিপূৰ্বে, কেবাবাৰো বেংক ডকাইতৰ কবলত পৰা এলাহাবাদ বেংকত পুনৰাই বেংক ডকাইতৰ দল উপস্থিত হোৱাৰ তথ্য আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰে ৷ ডকাইতৰ দলটোক কৰায়ত্ব কৰিবলৈ চাৰিটা স্থানত আৰক্ষীয়ে খাপ পিটি ৰৈ থাকে ৷ নিশা প্ৰায় ২:৩০ মান বজাত এলাহাবাদ বেংকৰ কিছু আঁতৰৰ চেংমাৰী নামৰ ঠাইত ডকাইতৰ দলটোৰ সতে আৰক্ষী মুখামুখি হয় ।

এখন গ্লেমাৰ মটৰ-চাইকেল আৰু অ’টোত অহা ডকাইতৰ দলটোক আৰক্ষীয়ে ৰ’বলৈ ইংগিত দিয়ে যদিও ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে । প্ৰত্যুত্তৰত আৰক্ষীয়েও ডকাইতৰ দলটোৰ প্ৰতি লক্ষ্য কৰি গুলীচালনা কৰে । প্ৰায় আধাঘণ্টা ধৰি গুলীচালনা কৰাৰ অন্তত আৰক্ষীয়ে তিনিটা ডকাইতক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰে ৷

ডকাইত কেইটাক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আনহাতে, ডকাইতৰ আন দুই তিনিগৰাকী সদস্য আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, আঠ জাঁই সজীৱ গুলী , ছটা খালী কাৰ্টিজ, ২৫ কেজিৰ অক্সিজেন চিলিণ্ডাৰ , ১৪.৫ কেজিৰ ঘৰুৱা চিলিণ্ডাৰ , এখন গ্লেমাৰ মটৰ চাইকেল, এখন অটো (নং এএচ ১৮ এ চি ১৩৩৬) আদি উদ্ধাৰ কৰে ৷

সংবাদমেলত আৰক্ষীৰ শীৰ্ষ বিষয়া দ্বয়ে সদৰী কৰা মতে ইয়াৰে আমিনুল হক নামৰ ডকাইতটোৱে গোৱালপাৰাত জেল খাটিছিল । আৰক্ষীৰ গুলীত নিহত হোৱা তিনিওটা ডকাইত গোৱালপাৰাত কেইমাহমান পূৰ্বে সংঘটিত হোৱা ডকাইতি কাণ্ডৰ সতে জড়িত থকাৰ তথ্য লাভ কৰা হৈছে বুলি সদৰী কৰিছে । ডকাইতৰ দলটোক সহায় কৰা, খবৰ দিয়া, আশ্ৰয় দিয়া সকলোৰে ওপৰত আৰক্ষীৰ নজৰ আছে আৰু যোৱা দুমাহৰ পৰাই প্ৰতিটো খবৰ তথ্য লাভ কৰি , নজৰত ৰাখিহে আজিৰ অভিযান চলোৱা হৈছিল ৷

কিছুদিন পূৰ্বে ভোটগাঁও কাশিপাৰাৰ এলাহাবাদ বেংকত ডকাইতি কাণ্ড সংঘটিত হৈছিল আৰু উক্ত ভিডিঅ' ফুটেজ আৰক্ষীয়ে সাৱধানেৰে পৰীক্ষা কৰি সমস্ত তথ্য বাহিৰ কৰিছিল । ডকাইতৰ এটা দলে কোকৰাঝাৰ, ধুবুৰীৰ বহু ঠাইত ডকাইতি কৰাৰ পৰিকল্পনা কৰি আছিল আৰু এইক্ষেত্ৰত একাংশই ডকাইতৰ দলটোক সহায় কৰিছিল বুলি সংবাদমেলত সদৰী কৰি আৰক্ষী বিষয়াদ্বয়ে ৷ সম্প্ৰতি ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰিছে বিষয়াদ্বয়ে ।
লগতে পঢ়ক : অসম চৰকাৰৰ বিজ্ঞাপনত দাক্ষিণাত্যৰ সুৰ : আৰম্ভ হৈছে বিতৰ্ক

Last Updated : Aug 23, 2021, 9:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.