ETV Bharat / state

বিটিআৰ চৰকাৰৰ বিশাল শান্তি সমৃদ্ধি সমাৰোহ আৰু ধন্যবাদ জ্ঞাপন কাৰ্যসূচী - গৃহমন্ত্ৰী অমিত শ্বাহ

তিনিটা বসন্ত গৰকিলে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ মিত্ৰজোঁট চৰকাৰে ৷ এই উপলক্ষে কোকৰাঝাৰ ছাই ষ্টেডিয়ামত বিটিআৰ চৰকাৰৰ বিশাল শান্তি সমৃদ্ধি সমাৰোহ আৰু ধন্যবাদ জ্ঞাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৷

Huge Thanks Giving and Peace Celebrating program
বিটিআৰ চৰকাৰৰ বিশাল শান্তি সমৃদ্ধি সমাৰোহ আৰু ধন্যবাদ জ্ঞাপন কাৰ্যসূচী
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 6:49 AM IST

বিটিআৰ চৰকাৰৰ বিশাল শান্তি সমৃদ্ধি সমাৰোহ আৰু ধন্যবাদ জ্ঞাপন কাৰ্যসূচী

কোকৰাঝাৰ, ২১ নৱেম্বৰ: প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ মিত্ৰজোঁট চৰকাৰৰ তিনিটা বছৰ পূৰ্ণ তথা বিটিআৰত শান্তি স্থাপন হোৱা উপলক্ষে সোমবাৰে সন্ধিয়া কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত এক বিশাল শান্তি সমৃদ্ধি সমাৰোহ আৰু ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ আয়োজন কৰা হয় । বিটিআৰ চৰকাৰৰ উদ্যোগত আয়োজিত এই শান্তি সমৃদ্ধি সমাৰোহ আৰু ধন্যবাদ জ্ঞাপন কাৰ্যসূচীত বিটিআৰৰ বিভিন্ন এলেকাৰ পৰা কেবা হাজাৰ লোকে ছাই ষ্টেডিয়ামত সমবেত হৈ শান্তি উদযাপনৰ কাৰ্যসূচীত ভাগ লয় ।

উল্লেখ্য যে, ২০২০ চনত তৃতীয় বড়ো শান্তি চুক্তি ৰূপায়ণ হোৱাৰ পিচতে অঞ্চলটোলৈ শান্তি ঘূৰি অহাৰ লগতে বিটিআৰ এলেকাৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত বৰ্তমান শান্তিপূৰ্ণ সহাৱস্থান অব্যাহত আছে । এনে এক পৰিৱেশৰ মাজত শান্তি উদযাপনৰ অৰ্থে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী, সকলো জাতি জনগোষ্ঠীৰ কলা-কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে বৰ্ণিল ৰূপত উদযাপিত কৰা হয় এই বৃহৎ ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ।

এই কাৰ্যসূচীত ইউ পি পি এল-বিজেপি নেতৃত্বাধীন পৰিষদীয় চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় কেবিনেটৰ সহযোগীসকলক বিটিআৰত শান্তিৰ সূচনা কৰাৰ সাহসী পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ছাই ষ্টেডিয়ামত সমবেত হেজাৰ হেজাৰ ৰাইজে মোবাইলৰ লাইট জ্বলাই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৷

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, বিটিআৰত ইউপিপিএল, বিজেপি আৰু জিএছপি মিত্ৰজোঁটৰ চৰকাৰে প্ৰায় তিনি বছৰ অতিক্ৰম কৰিলে। প্ৰায় তিনিবছৰ শান্তিপূৰ্ণভাৱে অতিক্ৰম কৰাৰ বাবে শান্তি উদযাপনৰ অৰ্থে এক ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ আয়োজন কৰা হয় । শান্তি চুক্তি অনুসৰি প্ৰথম পৰ্যায়ত শোণিতপুৰ আৰু বিশ্বনাথ জিলালৈ গাঁও সম্প্ৰসাৰণ কৰা হৈছে ৷ ইয়াৰোপৰি ৪১ খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে ব্ৰহ্মই কয় যে, বিটিচি চৰকাৰে সকলো জাতি-জনগোষ্ঠীক লৈ শান্তি আৰু উন্নয়নৰ বাবে কাম কৰি আহিছে। সকলো শ্ৰেণীৰ মানুহৰ মাজত শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে ৷

ইপিনে মন্ত্ৰী অশোক সিংহলে ভাষণ প্ৰসংগত কয় যে, বিটিআৰৰ বেয়া দিনবোৰ অতীত হৈছে ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদীয় চৰকাৰ ক্ষমতালৈ অহাৰ পিচত অঞ্চলটোত স্থায়ী শান্তি ঘূৰি আহিছে । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ নেৰ্তৃত্বত অসমত নতুন দিগন্তৰ সূচনা হৈছে আৰু বিটিআৰ এলেকাত স্থায়ী শান্তি স্থাপন হোৱাৰ লগতে উন্নয়নৰ গতি ত্বৰাম্বিত হৈছে । এইক্ষেত্ৰত আগলৈও অসম চৰকাৰে শান্তি প্রতিষ্ঠাৰ ধাৰা আৰু উন্নয়নমূলক কাম-কাজ ত্বৰাম্বিত কৰিবলৈ বিটিচি চৰকাৰক সহায় কৰি যাব । পূৰ্বতে মানুহে হত্যা-হিংসাৰ কথা পাতিছিল যদিও আজিকালি শান্তি, উন্নয়ন, শিক্ষা, কৃতিত্ব আদিৰ কথা ক’বলৈ আৰম্ভ কৰিছে।

বডোফা ইউ এন ব্ৰহ্ম ছুপাৰ-৫০ মিছনৰ অধীনত এ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হোৱা ৩৬ জনৰ ভিতৰত ১৬ গৰাকীয়ে মূল পৰীক্ষাত উত্তীৰ্ণ হোৱাক প্ৰশংসা কৰি মন্ত্ৰী সিংহলে বিটিচিৰ বহনক্ষম উন্নয়নৰ বাবে পৰিষদীয় চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে বুলি উল্লেখ কৰে ৷

আনহাতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে বড়োলেণ্ডত স্থায়ী শান্তি ঘূৰি আহিছে । চাৰিবছৰৰ পূৰ্বে কোনেও কল্পনা কৰিব পৰা নাছিল যে বড়োলেণ্ডত শান্তি ঘূৰি আহিব ৷ কিন্তু আজি শান্তি উদযাপন কৰিছে বিটিআৰবাসীয়ে ।

আওপকীয়াকৈ বিপিএফৰ নেতাসকলক কটাক্ষ কৰি প্ৰমোদ বড়োয়ে কয় যে, তেতিয়াৰ নেতাসকলে শান্তিৰ কথা ক’ব পৰা নাছিল। কিন্তু এই চৰকাৰ প্ৰথম পৰ্যায়তে ১০০ শতাংশ সফল কিয়নো ইয়াত এতিয়া সকলো নিৰাপদ । এই চৰকাৰৰ উদ্দেশ্য আছিল শান্তি আৰু উন্নয়ন, সেয়া বড়োলেণ্ড এলেকাত কাৰ্যকাৰী হৈছে। প্ৰথম পৰ্যায়ত যি লক্ষ্য লোৱা হৈছিল সেইক্ষেত্ৰত এই চৰকাৰ সফল আৰু অনাগত সময়ছোৱাতো সকলোৱে একত্ৰিত হৈ শান্তি , নিৰাপত্তা অব্যাহত ৰাখিব ।

লগতে পঢ়ক: কটন বিশ্ববিদ্যালয়ত SWAYAM - NPTEL সম্পৰ্কে সজাগতা কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.