ETV Bharat / state

বিটিআৰৰ স্বাস্থ্য বিভাগৰ দায়িত্ব অৰূপ কুমাৰ দেক - কাৰ্যবাহী

বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব দিয়া হয় কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেক। বিটিআৰৰ স্বাস্থ্যখণ্ডত বহু কৰণীয় কাম আছে আৰু সেয়া পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ'ব : অৰূপ কুমাৰ দে ।

বিটিআৰৰ স্বাস্থ্য বিভাগৰ দায়িত্ব অৰূপ কুমাৰ দেক

author img

By

Published : Jan 1, 2021, 6:43 PM IST

কোকৰাঝাৰ , ০১ জানুৱাৰী : বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই শুকুৰবাৰে কাৰ্যবাহী সদস্য সকলক বিভিন্ন দপ্তৰ দায়িত্ব প্ৰদান কৰে ৷ বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব দিয়া হয় কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেক । গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰি অত্যন্ত সুখী হোৱাৰ লগতে অৰূপ কুমাৰ দেয়ে সংবাদ মাধ্য়মৰ আগত কয় যে বিটিআৰৰ স্বাস্থ্যখণ্ডত বহু কৰণীয় কাম আছে আৰু সেয়া পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ'ব । স্বাস্থ্য়খণ্ডৰ দৰে অতি গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়াৰ বাবে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বিটিআৰৰ স্বাস্থ্য়খণ্ডৰ উন্নয়ণৰ বাবে অতি নিষ্ঠা আৰু গুৰুত্ব সহকাৰে তেওঁ বিভাগৰ দায়িত্ব পালন কৰি যাব বুলিও প্ৰতিজ্ঞাবদ্ধ ।

বিটিআৰ অঞ্চলৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসক-নাৰ্ছৰ অভাৱকে ধৰি অন্যান্য সমস্যা সমূহ সমাধানৰ বাবেও অচিৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ক'লে বিজেপিৰ যুৱ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্যজনে । এজন যুৱ কাৰ্যবাহী হিচাপে বিটিআৰৰ শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে ভৱিষ্য়তে বিভিন্ন ধৰণে চেষ্টা চলাব বুলিও সংবাদমাধ্য়মৰ আগত মন্তব্য কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব লাভ কৰা অৰূপ কুমাৰ দেয়ে ।

লগতে পঢ়ক :অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.