ETV Bharat / state

বাৰেৰহণীয়া অনুষ্ঠানেৰে সামৰণি পৰিল বিটিআৰৰ সাংস্কৃতিক সমাৰোহ - বিটিআৰ

বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহৰ সফল সামৰণি ৷ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি কোকৰাঝাৰ চহৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা কৃষ্টিৰ প্ৰদৰ্শনেৰে এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

বিটিআৰৰ সাংস্কৃতিক সমাৰোহ
বিটিআৰৰ সাংস্কৃতিক সমাৰোহ
author img

By

Published : Feb 21, 2021, 9:49 PM IST

কোকৰাঝাৰ 21 ফেব্ৰুৱাৰী: এক উখল মাখল পৰিৱেশত কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত যোৱা ১৯ ফেব্ৰুৱাৰীৰ পৰা বিটিআৰ প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহৰ শনিবাৰে সামৰণি পৰে । শনিবাৰে তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি কোকৰাঝাৰ চহৰত বিভিন্ন জাতি -জনগোষ্ঠীৰ কলা কৃষ্টিৰ প্ৰদৰ্শনেৰে এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

সামৰণি পৰিল বিটিআৰৰ সাংস্কৃতিক সমাৰোহ
সামৰণি পৰিল বিটিআৰৰ সাংস্কৃতিক সমাৰোহ

কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেল পথাৰৰ পৰা আৰম্ভ হোৱা উক্ত সাংস্কৃতিক শোভাযাত্ৰাত পতাকা জোকাৰি শুভ উদ্ধোধন কৰে বিটিআৰৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়ো আৰু জল সম্পদ বিভাগৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰীয়ে ৷

বাৰেৰহণীয়া অনুষ্ঠানেৰে সামৰণি পৰিল বিটিআৰৰ সাংস্কৃতিক সমাৰোহ

সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰাৰ পিচত কাৰ্যবাহী সদস্যদ্বয়ে বিটিআৰৰ অঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত শান্তি, সম্প্ৰীতি বৃদ্ধি হোৱাৰ লগতে প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে সম-বিকাশ, সম মৰ্যদাৰে জীয়াই থাকিব পাৰে তাৰ বাবে এই সাংস্কৃতিক বিনিময়ৰ কাৰ্যসূচী আয়োজন কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে । উল্লেখ্য যে, বিশাল সাংস্কৃতিক সমদলটোৱে বাৰেৰহনীয়া কলা-কৃষ্টি প্ৰদৰ্শন কৰি বডোফা সাংস্কৃতিক প্ৰকল্পত উপস্থিত হয় ।

শুভ উদ্বোধন কৰে বিশিষ্ট শিল্পী তথা নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন ৰ্গাগে

ইপিনে বিশ্ব মাতৃভাষা দিৱসৰ সতে সংগতি ৰাখি বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত বিভিন্ন জাতি জনগোষ্ঠীৰ স্বভাষাত কবিতা আবৃত্তি অনুষ্ঠানৰো আয়োজন কৰা হয় ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই জনসাধাৰণক উদ্দেশ্যি দিয়া চমু ভাষণত প্ৰতি গৰাকী ব্যক্তিয়ে মাতৃভাষাৰ জৰিয়তেহে নিজৰ মনৰ সুখ-দুখ ব্যক্ত কৰিব পাৰে বুলি মন্তব্য কৰে ৷ বিশ্বত প্ৰতিদিনে একোটাকৈ ক্ষুদ্ৰ-ক্ষুদ্ৰ ভাষা গোলকীয়কৰণৰ ফলত বিলুপ্ত হৈ আছে বুলি উল্লেখ কৰি প্ৰমোদ বড়োই কয় যে নিজৰ ভাষা-সংস্কৃতি আমি নিজেই বজাই ৰাখিব লাগিব ৷ সকলোৰে মাতৃভাষা যাতে সুৰক্ষিত হৈ থাকে তাৰ প্ৰতি সকলোকে গুৰুত্ব দিবলৈ আহ্বান জনাইছে বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷
ইপিনে বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহতে আয়োজিত আন এক অনুষ্ঠানৰ জৰিয়তে বিটিআৰ এলেকাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ১৫ গৰাকী শিল্পীক সম্বৰ্ধনা জনোৱা হয় ।

১৫ গৰাকী শিল্পীক সম্বৰ্ধনা জনোৱা হয়

উল্লেখযোগ্য যে আজি ছাত্র ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ভিন্ন ভাষিক কবি সন্মিলন, বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য কলা প্ৰদৰ্শন, স্থানীয় আৰু আমন্ত্ৰিত শিল্পী সকলক লৈ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

সামৰণি পৰিল বিটিআৰৰ সাংস্কৃতিক সমাৰোহ
সামৰণি পৰিল বিটিআৰৰ সাংস্কৃতিক সমাৰোহ
ইপিনে সন্ধিয়া আয়োজিত হোৱা সাংস্কৃতিক কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে বিশিষ্ট শিল্পী তথা নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন ৰ্গাগে ৷ সাংস্কৃতিক সন্ধিয়াত বিটিআৰ বিভিন্ন বিশিষ্ট শিল্পীয় নৃত্য-গীত প্ৰৰ্দশন কৰে ৷ শনিবাৰৰ অন্তিম কাৰ্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে দাওবাইছা বড়ো, উকিল মুছাহাৰী, ৰাজ্যসভাৰ প্ৰাক্তন সম্পাদক উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ ইউপিপিএলৰ নেতা লৰেঞ্চ ইছলাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:১০০+ ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ৪২ লাখ বিজেপি কৰ্মকৰ্তাইঃ ৰঞ্জিৎ দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.