ETV Bharat / state

এগৰাকী বড়ো ব্যক্তি ৰাজ্যসভালৈ যোৱাতো বিচাৰে প্ৰমোদ বড়োৱে - বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

হাগ্ৰামা মহিলাৰী ৰাজ্যসভালৈ যোৱাৰ বাস্তৱ ভিত্তি নাই বুলি মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ (Pramod Boro on Rajya sabha election)৷ ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ অহাটো সকলোৱে বিচাৰে বুলিও প্ৰমোদ বড়োৱে উল্লেখ কৰে ৷

BTR Chief Pramod Boro reacts on Rajya Sabha Election

author img

By

Published : Jan 30, 2022, 11:32 AM IST

কোকৰাঝাৰ, ২৯ জানুৱাৰী : বিপিএফৰ সতে বিধানসভাৰ মজিয়াৰ ভিতৰত বিজেপিৰ মিত্ৰতা (BPF and BJP alliance) হোৱাৰ পিছতে ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত প্ৰায় স্পষ্ট হৈ পৰিছে । মিত্ৰতাৰ পিছতে বড়ো জনগোষ্ঠীৰ পৰা এগৰাকী ব্যক্তিক ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি নতুন দিল্লীলৈ পঠোৱাৰ কুচকাৱাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । সমগ্ৰ বিষয়টো সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব যদিও এইক্ষেত্ৰত বিজেপিয়ে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰিব বিচাৰিছে বুলিও চৰ্চা হৈছে ।

এগৰাকী বড়ো ব্যক্তি ৰাজ্যসভালৈ যোৱাতো বিচাৰে প্ৰমোদ বড়োৱে

এনে এক সন্ধিক্ষণৰ মাজতে শনিবাৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কোকৰাঝাৰত হাগ্ৰামা মহিলাৰী ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হ’ব বুলি ওলোৱা বাতৰিৰ কোনো বাস্তৱ ভিত্তি নাই বুলি মন্তব্য কৰে ((Pramod Boro on Rajya sabha election)। কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত বিটিআৰৰ স্বাস্থ্য বিভাগৰ এক পৰ্যালোচনা সভাত উপস্থিত থাকি প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে, ‘‘পূৰ্বৰে পৰা বড়ো সম্প্ৰদায়ৰ লোকে ৰাজ্যসভাত নেতৃত্ব পাই আহিছে আৰু আমি বিচাৰো বড়ো সম্প্ৰদায়ৰ পৰা এজনে এইবাৰো ৰাজ্যসভাত নেতৃত্ব পাব লাগে’’ ।

বিটিআৰ অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰা এজন থাকিব লাগে আৰু সেয়া সকলোৱে বিচাৰে বুলি মন্তব্য কৰি বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত সঘনে আলোচনা কৰি থকা হৈছে বুলি সদৰী কৰে প্ৰমোদ বড়োৱে । বড়ো সম্প্ৰদায়ৰ পৰা ৰাজ্যসভালৈ প্ৰতিনিধি পঠোৱা সন্দৰ্ভত চলি থকা আলোচনা-বিলোচনাৰ সিদ্ধান্তক আদৰণি জনাই তাৰ বাবে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ ধন্যবাদ জ্ঞাপন কৰিছে বিটিচি প্ৰধান গৰাকীয়ে ।

আনহাতে, এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ অহাটো সকলোৱে বিচাৰে বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে (Pramod Boro on Ranjan Daimary)৷ যিহেতু বিষয়টো আইনগত আৰু সেয়েহে আইনী পন্থাৰে গোচৰ নিষ্পত্তি কৰাৰ বাবে আৰক্ষী প্ৰশাসন আৰু আইন বিভাগৰ সতে কথা বতৰা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে । বড়োলেণ্ডৰ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যথেষ্ট খিনি কৰি আছে আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বতে ৰঞ্জন দৈমাৰী মুকলি হোৱাৰ ক্ষেত্ৰত কিবা নহয় কিবা এটা পথ ওলাব বুলি আশা ব্যক্ত কৰিছে প্ৰমোদ বড়োৱে ।

ইপিনে বিটিআৰৰ চাৰিও জিলাৰ স্বাস্থ্যবিভাগৰ বিষয়াবৰ্গক লৈ বড়োলেণ্ড অতিথিশালাৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত ২০২২ চনৰ পৰা বিটিআৰ এলেকাত থকা হাস্পতালসমূহ ঠিক হ’ব বুলি মন্তব্য কৰি দুখীয়া শ্ৰেণীৰ লোকসকলেও উপযুক্ত চিকিৎসা পাব বুলি সদৰী কৰিছে । তদুপৰি হেল্থ মনিটৰিং কমিটিও গঠন কৰা হ’ব আৰু সেই কমিটিয়ে চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰি সকলো দিশ পৰ্যবেক্ষণ কৰিব ।

উল্লেখ্য যে, কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত স্বাস্থ্যবিভাগৰ পৰ্যালোচনা সভাৰ পূৰ্বে প্ৰমোদ বড়োৱে ছেৰফাংগুৰীত প্ৰাক্তন এনডিএফবি সদস্য সকলৰ সৈতেও এক বৈঠকত মিলিত হয় । জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ অনুষ্ঠিত হোৱা উক্ত সভাত প্ৰাক্তন এনডিএফবি সদস্যসকলৰ সংস্থাপনৰ দিশটো পৰ্যালোচনা কৰা হয় ।

যিসকলৰ যোগ্যতা আৰু বয়স আছে, তেওঁলোকে আজি নহয় কাইলৈ চাকৰি পাবই বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে প্ৰাক্তন এনডিএফবি সদস্যসকলৰ সংস্থাপনৰ বাবে জিলাই জিলাই প্ৰশিক্ষণ দিয়াৰ লগতে আন সুবিধা দিয়া হ’ব বুলি মন্তব্য কৰিছে । উল্লেখ্য যে, স্বাস্থ্যবিভাগৰ পৰ্যালোচনা সভাত বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’, বিটিআৰৰ পাঁচখন জিলাৰ উপায়ুক্তসকল, বিটিআৰৰ প্ৰধান সচিব, যুটীয়া স্বাস্থ্য সঞ্চালক, এনএইচএমৰ সঞ্চালক আদিকে ধৰি স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Assam Meghalaya border dispute : পুনৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.