ETV Bharat / state

হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ পদযাত্ৰাত অংশগ্ৰহণ প্ৰমোদ বড়োৰ

author img

By

Published : Aug 14, 2022, 9:18 PM IST

বিটিআৰৰ চৰকাৰৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশস্বৰূপে পদযাত্ৰা । বন্দে মাতৰম, ভাৰত মাতা কি জয় আদি দেশভক্তিমূলক শ্ল’গানেৰে মুখৰিত বিটিআৰৰ সদৰ চহৰ কোকৰাঝাৰ ৷ পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ(BTR chief Pramod Boro) মন্তব্য ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ জৰিয়তে ঐক্য আৰু সংহতি সুদৃঢ় হোৱাৰ লগতে দেশমাতৃৰ প্ৰতি সেৱাৰ মনোভাৱ বৃদ্ধি পাব ৷

BTR chief Pramod Boro
হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ পদযাত্ৰাত অংশগ্ৰহণ প্ৰমোদ বড়োৰ

কোকৰাঝাৰ, ১৪ আগষ্ট: ভাৰতবর্ষৰ গৌৰৱোজ্জ্বল ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ সতে সংগতি ৰাখি ৰাষ্ট্ৰজুৰি পালিত হোৱা স্বাধীনতাৰ অমৃত মহোৎসৱৰ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অংশস্বৰূপে ৰবিবাৰে বিয়লি বিটিআৰ চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত বিশাল পদযাত্ৰা বাহিৰ কৰা হয় (Rally of Har Ghra Triranga in Kokrajhar)। বিটিআৰ সচিবালয়ৰ মুখ্যদ্বাৰৰ পৰা উলিওৱা বিশাল পদযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই(BTR chief Pramod Boro)৷

বিভিন্ন শ্ৰেণীৰ সহস্ৰাধিক লোকৰ অংশগ্ৰহণৰে বাহিৰ হোৱা পদযাত্ৰাই বন্দে মাতৰম, ভাৰত মাতা কি জয় আদি দেশভক্তিমূলক শ্ল’গানেৰে বিটিআৰৰ সদৰ চহৰ কোকৰাঝাৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে ৷ এনেদৰে চহৰখনৰ বিভিন্ন পথত পদযাত্ৰা কৰাৰ পিছত কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত পদযাত্ৰাৰ সামৰণি পৰে ৷ ইপিনে পদযাত্ৰাত অংশগ্ৰহণ কৰা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই স্বাধীনতাৰ অমৃত মহোৎসৱৰ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ জৰিয়তে ঐক্য আৰু সংহতি সুদৃঢ় হোৱাৰ লগতে দেশমাতৃৰ প্ৰতি সেৱাৰ মনোভাৱ বৃদ্ধি পাব বুলি সদৰী কৰিছে ।

আজিৰ পদযাত্ৰা কাৰ্যসূচীত বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, নিলুৎ স্বৰ্গীয়াৰী , জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে , জিলা উপায়ুক্ত বৰ্ণালী ডেকা ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰাৰ লগতে সমদলত ইউপিপিএলৰ নেতা সমৰ্থক আৰু একাংশ আৰক্ষী জোৱানেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: ধেমাজি ট্ৰেজেডি তথ্যচিত্ৰৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.