কোকৰাঝাৰ, ২০ ফেব্ৰুৱাৰী : বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক শনিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এখন সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীক এখন আৰ’ণাই, চেলেং চাদৰ, ফুলাম গামোচা, এটা স্মাৰক, ফুলৰ থুপাৰে সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা সভাৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ প্ৰেছ ক্লাৱত এখন মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ মত বিনিময় অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰমোদ বড়োৱে কয় যে, বিটিআৰ অঞ্চলত শান্তি স্থাপন, প্ৰগতি আৰু ঐক্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কোকৰাঝাৰ প্ৰেছ ক্লাৱ তথা সাংবাদিকসকলৰ যথেষ্ট ভূমিকা আছে ৷ বিশেষকৈ এসময়ৰ স্পৰ্শকাতৰ অঞ্চলটোৰ বহু প্ৰতিকূল পৰিৱেশ আৰু অনাকাংক্ষিত পৰিস্থিতিৰ মাজতো নিষ্ঠাৰে সাংবাদিকসকলে সেৱা আগবঢ়াই আহিছে ৷ এখন দেশ আৰু সমাজ গঠন কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ আৰ্থ-সামাজিক, শৈক্ষিক আদিৰ বিভিন্ন সমস্যাবোৰৰ বিষয়ে সৰ্বসাধাৰণ জনতা সংবাদ মাধ্যমৰ জৰিয়তেহে অৱগত হয় ৷ সেয়েহে গতানুগতিক ৰাজনৈতিক, বিজ্ঞান, বাণিজ্যিক খবৰৰ উপৰিও বিটিআৰ অঞ্চলৰ শৈক্ষিক সমস্যাবোৰৰ বিষয়েও গুৰুত্ব সহকাৰে বাতৰি পৰিৱেশন কৰিবলৈ মুখ্য কাৰ্যবাহী বড়োই সাংবাদিকসকললৈ আহ্বান জনাইছে ৷

অনুষ্ঠানত মুখ্য কাৰ্যবাহী বড়োৱে কোকৰাঝাৰ প্ৰেছ ক্লাৱত কৰ্মশালা, আলোচনা চক্ৰৰ লগতে আন গুৰুত্বপূৰ্ণ সভা-সমিতি আয়োজনৰ বাবে বছৰি পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াব বুলি ঘোষণা কৰে ৷ ইয়াৰোপৰি কোকৰাঝাৰ প্ৰেছ ক্লাৱলৈ এলইডি টিভি, কম্পিউটাৰ আৰু ৱাই-ফাই সংযোগ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ নিজৰ ভাষণত বড়োই কোকৰাঝাৰ প্ৰেছ ক্লাৱত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়, আঞ্চলিক পৰ্যায়ৰ প্ৰতিভা সম্পন্ন সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বিজ্ঞানী, গৱেষক, ক্ৰীড়া সংগঠক, উদ্ভাৱক আৰু সফল ব্যক্তিসকলৰ সৈতে সময়ে সময়ে মত বিনিময় অনুষ্ঠান তথা বৈঠক অনুষ্ঠিত কৰিবলৈকো আহ্বান জনায় ৷ ইফালে বিটিআৰ অঞ্চলৰ স্থানীয় ভাষাৰ কাকত আৰু কেৱল চেনেলসমূহৰ অগ্ৰগতিৰ বাবেও সম্ভৱপৰ সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷ উল্লেখ্য যে, কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সভানেত্ৰী মনালিছা শৰ্মাৰ সভাপতিত্বত আয়োজিত সম্বৰ্ধনা আৰু মত বিনিময় অনুষ্ঠানত কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সমূহ সদস্যৰ লগতে ইউপিপিএলৰ নেতা লৰেন্স ইছলাৰী, জিলা তথ্য আৰু জন সংযোগ বিভাগৰ মুৰব্বী বিষয়া অনচুমই মহিলাৰী, জিলা জনসংযোগ বিষয়া ত্ৰিদীপ নন্দন বৰা, কলকতা শান্তি নিকেতন বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা তথা বিশিষ্ট ভাস্কৰ্য শিল্পী জনক ঝংকাৰ নাৰ্জাৰী, বিটিআৰ সচিবালয়ৰ জন-সংযোগ বিষয়া সমেশ্বৰ বসুমতাৰী, সচিব নৰেন বসুমতাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক : মানৱীয়তাৰ খাতিৰত QUIPPO ৰ দুই বিষয়াক মুক্তি দিয়ক: মুখ্যমন্ত্ৰী সোণোৱাল