কোকৰাঝাৰ, ২১ ফেব্ৰুৱাৰী: কুইপৰ দুই কৰ্মচাৰীক আলফা(স্বা)য়ে অপহৰণ কৰা কাৰ্যক বিভিন্নজনে সমালোচনা কৰাৰ লগতে সকলোৱে দুইগৰাকী কৰ্মচাৰীক শীঘ্ৰে মুকলি কৰি দিবলৈও দাবী জনাইছে । ইয়াৰ মাজতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিশেষ আহ্বান আলফা(স্বা)লৈ । কুইপৰ দুই বিষয়াক মানৱতাৰ স্বাৰ্থত অতি শীঘ্ৰে মুকলি কৰি দিবলৈ আলফা(স্বা)ক আহ্বান জনাই নেতাগৰাকীয়ে । হিংসাই কোনো সমস্যাৰ সমাধান নকৰে বুলি ৰবিবাৰে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে । ২১ শতিকাত কোনোবাই যদি মানুহ হত্যা কৰি বা অপহৰণ কৰি উদ্দেশ্যত সফল হ'ব সেয়া কেতিয়াও উচিত নহয় বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে হিংসাৰ পথ পৰিহাৰ কৰিবলৈ সকলো পক্ষৰ প্ৰতি আহ্বান জনায় । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু শান্তিৰ বাবে কুইপৰ বিষয়া কেইজনক মুকলি কৰি দিবলৈ আলফা নেতৃবৃন্দলৈ আহ্বান জনাই নেতাগৰাকীয়ে ৷
আনহাতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপিএল দলৰ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই কুইপৰ বিষয়া দ্বয়ক মুকলি কৰি দিবলৈ বিশেষভাৱে আলফা(স্বা)ক আহ্বান জনায় ৷ উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদমাধ্যমৰ আগত কয় যে উত্তৰ পূৰ্বাঞ্চলত ক্ৰমান্বয়ে শান্তি ঘূৰি অহাৰ সময়তে কুইপৰ বিষয়াদ্বয়ক পণবন্দী কৰাৰ বিষয়টোৱে সম্প্ৰতি এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ আলফাই নিজৰ ওপৰত লগা কালিমা বা দাগ আতৰাবৰ বাবে তথা মানৱতাৰ স্বাৰ্থত কুইপৰ দুই কৰ্মচাৰীক শীঘ্ৰেই মুকলি কৰি দিবলৈ ব্ৰহ্মই আলফাক আহ্বান জনায় ৷
লগতে পঢ়ক:কুশলে আছে কুইপ’ৰ দুই বিষয়া : পৰেশ বৰুৱা