ETV Bharat / state

বিটিচিত কিমান বকেয়া আদায় দিবলৈ বাকী আছে হাগ্ৰামাই ? - ছিকনাঝাৰা জিমনেছিয়াম প্ৰেক্ষাগৃহ

হাগ্ৰামাৰ সোতৰ বছৰীয়া শাসন কালত বিটিচিত ২৩০০ কোটিৰ অধিক টকাৰ বকেয়া আদায় দিবলৈ বাকী আছে বুলি সদৰী কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ আজি কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিজেপিৰ এক সম্বৰ্ধনা অনুষ্ঠানত প্ৰমোড বড়োয়ে হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি বিটিচিৰ উন্নয়নৰ বাবে অহা ধনৰ এটা টকাও এৰি দিয়া নহ'ব বুলিও প্ৰকাশ কৰে ৷

BTR Chief and Deputy Chief
বিটিচিত কিমান বকেয়া আদায় দিবলৈ বাকী আছে হাগ্ৰামাই?
author img

By

Published : Jan 2, 2021, 10:37 PM IST

কোকৰাঝাৰ ২ জানুৱাৰী: ইউপিপিএল হিচাপে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ আমাৰ ৰণকৌশল আমি প্ৰস্তুত কৰি আছো, বিজেপিয়ে কেনে ধৰণৰ ৰণকৌশল চলাইছে তেওঁলোকে জানিব । কিন্তু আমাৰ যিটো ৰণকৌশল সেইটো আমি আলোচনা কৰি ৰাইজক অতি শীঘ্ৰে জনাম ৷ শনিবাৰে কোকৰাঝাৰৰ বডোফা নগৰৰ কদমতলাস্থিত ছিকনাঝাৰা জিমনেছিয়াম প্ৰেক্ষাগৃহত আয়োজিত বিজেপিৰ দলীয় সাংগঠনিক আৰু সম্বৰ্ধনা সভাত এইদৰে মন্তব্য কৰে মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে ৷

বিটিচিত কিমান বকেয়া আদায় দিবলৈ বাকী আছে হাগ্ৰামাই?

বড়োই সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, উন্নয়ণৰ বাবে অহা ধন কোনো কাৰণতে দুৰ্নীতিৰ নামত এৰি দিয়া নহ'ব বুলি উল্লেখ কৰে প্ৰমোদ বড়োয়ে ৷ অতি শীঘ্ৰে এই বিষয়ত সিদ্ধান্ত লোৱাৰ কথাও উল্লেখ কৰে মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷ বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা চৰকাৰে দি যোৱা বিভিন্ন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰতো তদন্ত কৰা হৈছে বুলি মুখ্য কাৰ্যবাহী বড়োই উল্লেখ কৰি কিছুমান নিযুক্তি বাতিল কৰা হৈছে আৰু অবৈধ ভাৱে হোৱা সকলো নিযুক্তি বাতিল হ'ব বুলি সদৰী কৰে প্ৰমোড বড়োয়ে ।

BTR Chief and Deputy Chief
বিটিচিত কিমান বকেয়া আদায় দিবলৈ বাকী আছে হাগ্ৰামাই?

অন্য এক খবৰৰ বাবে: 24 ঘন্টা চিকিৎসকৰ তত্বাৱধানত থাকিব সৌৰভ গাংগুলী

ইফালে, হাগ্ৰামাৰ সোঁতৰ বছৰীয়া শাসন কালত বৰ্তমানলৈ ২৩০০ কোটিৰ অধিক টকাৰ বকেয়া আদায় দিবলৈ বাকী আছে বুলি সদৰী কৰে প্ৰমোড বড়োয়ে ৷ এই সন্দৰ্ভত অহা ৪ তাৰিখে বিটিচিৰ সমূহ বিভাগীয় মুৰব্বী সকলৰ সৈতে এক বৈঠকৰ আয়োজন কৰা হৈছে সাংবাদিকৰ আগত প্ৰকাশ কৰে প্ৰমোদ বড়োয়ে ৷

উল্লেখ্য যে, ইউপিপিএল ,বিজেপি আৰু জিএছপিৰ সন্মিলিত বিটিআৰ পৰিষদীয় নতুন চৰকাৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীক আজি কোকৰাঝাৰৰ বডোফা নগৰৰ কদমতলাস্থিত ছিকনাঝাৰা জিমনেছিয়াম প্ৰেক্ষাগৃহত আয়োজিত বিজেপিৰ দলীয় সাংগঠনিক আৰু সম্বৰ্ধনা সভাত সম্বৰ্ধনা জনোৱা হয় । বিটিআৰৰ উপ- মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ২৭ জানুৱাৰীত স্বাক্ষৰিত হোৱা বিটিআৰ চুক্তি অনুসৰি এনডিএফবিৰ সদস্য সকলক পুনৰ সংস্থাপন আৰু তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সমূহ বাতিল কৰাৰ বাবে যি দফা আছে সেইবোৰ কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা আৰম্ভ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে । এই সন্দৰ্ভত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতো আলোচনা কৰা হৈছে বুলি সদৰী কৰি মন্ত্ৰী শৰ্মাই বিষয়টো গুৰুত্ব আৰোপ কৰি অতি শীঘ্ৰে সমাধানৰ আশ্বাস প্ৰদান কৰে বুলি প্ৰকাশ কৰে বসুমতাৰীয়ে ৷ ইউপিপিএল দলৰ তিনি গৰাকী পাৰিষদক এই বিষয়ে চৰকাৰৰ সৈতে আলোচনা আগবঢ়াই নিবলৈ দায়িত্ব অৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে ।

অন্য এক খবৰৰ বাবে: অৰুণাচলৰ পূৰ্বৱৰ্তী অঞ্চল পৰিদৰ্শন চিডিএছ জেন. ৰাৱাটৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.