ETV Bharat / state

তুংগত বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি - বিটিচি সচিবালয়

বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰশাসনৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক তৎপৰতা ৷ যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ হৈছে অনুষ্ঠানৰ প্ৰস্তুতিৰ প্ৰক্ৰিয়া ৷

বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি

author img

By

Published : Dec 14, 2020, 7:06 PM IST

কোকৰাঝাৰ, 14 ডিচেম্বৰ : বহু জল্পনা-কল্পনাৰ অন্তত 15 ডিচেম্বৰৰ দিনটোত শপত গ্ৰহণ কৰিব বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদে ৷ বিটিচি সচিবালয়ৰ নিকটৱৰ্তী গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান ৷ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰশাসনৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক তৎপৰতা ৷ যুদ্ধকালীন তৎপৰতাৰে অনুষ্ঠানস্থলী সাজু কৰি তোলাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

জানিব পৰা মতে, মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনু্ষ্ঠানত প্ৰায় 1 লাখ লোক উপস্থিত থাকিব ৷ বিটিচিৰ প্ৰধান সচিব সিদ্ধাৰ্থ সিঙে নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰিছে ৷ জনসাধাৰণে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিছে সচিব গৰাকীয়ে ৷ তাৰোপৰি অনুষ্ঠানটো সম্পূৰ্ণ ক'ভিড প্ৰট'কলৰ মাজেৰে অনুষ্ঠিত কৰা হ'ব বুলিও জানিবলৈ দিয়ে তেওঁ ৷

তুংগত বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি

ইফালে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিজেপি নেতা বিশ্বজিৎ দৈমাৰীয়ে বিপিএফৰ সাংগঠনিক স্থিতি ঠিকে ৰাখিব নোৱাৰিলে বিপিএফৰ বহু সংখ্যক নিৰ্বাচিত সদস্যই বিজেপি বা ইউপিপিএলত যোগ দিব বুলি মন্তব্য কৰে ৷ কেইবাগৰাকীও লোকে ইতিমধ্যে তেওঁৰ সৈতে যোগাযোগ কৰা বুলিও জানিবলৈ দিয়ে নেতাগৰাকীয়ে ৷ আনহাতে হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি ভিভাৱক হিচাপে প্ৰমোদ বড়োক আশীৰ্বাদ দিব বুলিও আশা প্ৰকাশ কৰিছে বিশ্বজিৎ দৈমাৰীয়ে ৷ উল্লেখ্য যে, শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে বহু কেইগৰাকী নেতা উপস্থিত থাকিব ৷

লগতে পঢ়ক: শিল্পী মনোজ বড়াৰ অগপত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.