ETV Bharat / state

বিটিচিত শীঘ্ৰেই অনুষ্ঠিত হ'ব নিৰ্বাচন,অতিৰিক্ত পলিং ষ্টেচন গঢ়ি তুলিবলৈ নিৰ্দেশ

author img

By

Published : Jul 27, 2020, 7:54 PM IST

বিটিচিৰ পৰিষদীয় নিৰ্বাচন শীঘ্ৰেই অনুষ্ঠিত হ'ব ৷ ইয়াৰ বাবে নিৰ্বাচনী আয়োগে সামাজিক দুৰত্ব মানি অতিৰিক্ত পলিং ষ্টেচন গঢ়ি তুলিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ নিৰ্বাচনী আয়োগৰ এই সিদ্ধান্তক আদৰণি জনাইছে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

অতিৰিক্ত পলিং ষ্টেচন গঢ়ি তুলিবলৈ নিৰ্দেশ
বিটিচিত শীঘ্ৰেই অনুষ্ঠিত হ'ব নিৰ্বাচন

কোকৰাঝাৰ, 27 জুলাই : কৰ'ণা মহামাৰীৰ বাবেই বিটিচিৰ পৰিষদীয় নিৰ্বাচন স্থগিত হোৱাৰ পিছত এইবাৰ নিৰ্দিষ্ট নিয়মৰ ভিতৰত থাকি অতিৰিক্ত পলিং ষ্টেচন গঢ়ি হ'লেও বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ মনস্থ কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে ।

লগতে পঢ়কঃ ৰাফেলেৰে তুলনা নহয় পাকিস্তানৰ F-16ৰ : গ্ৰুপ কেপ্তেইন মহন্ত পাংগিং

অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিবে বিটিচিৰ চাৰিওখন জিলা ক্ৰমে কোকৰাঝাৰ,চিৰাং,বাক্সা আৰু ওদালগুৰিৰ উপায়ুক্ত আৰু চাৰিওখন জিলাৰ মহকুমা বিষয়াসকললৈ প্ৰেৰণ কৰা এক জৰুৰী পত্ৰত (নং- এচবিচি ৩৮/২০২০/৮) প্ৰয়োজনীয় অতিৰিক্ত পলিং ষ্টেচনৰ চৰজমিন তদন্ত কৰি অহা ৬ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । নিৰ্বাচনী জৰুৰী বুলি লিখা থকা পত্ৰখনত ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিবে উল্লেখ কৰা মতে যিহেতু কৰ'ণা মহামাৰী ভৱিষ্যতেও একেবাৰেই নোহোৱা হৈ নাযায় বুলি সম্ভাৱনা প্ৰকাশ পাইছে সেয়েহে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে নিৰ্দিষ্ট কৰি দিয়া নিয়ম অৰ্থাৎ সামাজিক দুৰত্ব বৰ্তাই ৰাখি তথা পলিং ষ্টেচনত অতিৰিক্ত ভিৰ কমাবলৈ অতিৰিক্ত পলিং ষ্টেচন নিৰ্মান কৰি হ'লেও বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়কঃ ৰাফেল উৰাবলৈ অনুমতি পালে চীনৰ যুদ্ধবিমান ভূপতিত কৰিম : প্ৰাক্তন গ্ৰুপ কেপ্টেইন বৈমানিক এম পাংগিং

ভোটাৰসকলে যাতে সামাজিক দুৰত্ব বৰ্তাই ৰাখি ভোটদান কৰিব পাৰে তথা কোভিড-19ৰ নিয়ম মানি চলি ভোটদান কৰিব পাৰে তাৰ বাবে য'ত য'ত অতিৰিক্ত পলিং ষ্টেচনৰ প্ৰয়োজনীয়তা আছে তাৰ বিতং প্ৰতিবেদন অহা ৬ আগষ্টৰ পূৰ্বেই ৰাজ্যিক নিৰ্বাচন আয়োগে বিটিচিৰ চাৰিওখন জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিক নিৰ্দেশ প্ৰদান কৰিছে । আনহাতে নিৰ্বাচনী আয়োগৰ এই সিদ্ধান্তক আদৰণি জনাইছে অসম চৰকাৰৰ মন্ত্ৰী তথা বিটিচিৰ শক্তিশালী ৰাজনৈতিক প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

লগতে পঢ়কঃ ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল, এক প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.