ETV Bharat / state

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ

author img

By

Published : Feb 21, 2020, 5:17 AM IST

Updated : Feb 21, 2020, 9:34 AM IST

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ ৷ দৈৱক্ৰমে ৰক্ষা পৰিল পত্নী ছিউলি মহিলাৰীৰ লগতে দুই পুত্ৰ জান আৰু জিউ ৷

হাগ্ৰামা মহিলাৰী
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ

কোকৰাঝাৰ ২০ ফেব্ৰুৱাৰী : বিটিচি পৰিষদীয় নিৰ্বাচনৰ মাজত এমাহ বাকী থকা অৱস্থাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ গাড়ীত দুৰ্বৃত্তই শিলগুটিৰে আক্ৰমণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৃহস্পতিবাৰে ভাৰত-ভূটান সীমান্তৰৰ উল্টাপানী শিৱ মন্দিৰত হাগ্ৰামা মহিলাৰীৰ পত্নী ছিউলি মহিলাৰীয়ে পূজা দি অহাৰ সময়তে সন্ধিয়া বাটতে দুৰ্বৃত্তই শিলগুটি দি আক্ৰমণ কৰে ৷ AS-১৬-E-0009 নম্বৰৰ লেণ্ড ক্ৰুইজাৰ ভি এক্স ভি ৮ গাড়ীখনত সন্ধিয়াৰ ভাগত ৰাজপথৰ নিৰ্জম ঠাইত দুৰ্বৃত্তই শিলগুটিৰে আক্ৰমণ কৰাত গাড়ীখনৰ আগফালৰ আইনাৰ অলপ ক্ষতি হয় যদিও গাড়ীখনত থকা হাগ্ৰামা মহিলাৰীৰ পত্নী ছিউলি মহিলাৰী,দুই পুত্ৰ ক্ৰমে- জান মহিলাৰী ( ৮) আৰু জিউ মহিলাৰী ( ৮) দৈৱক্ৰমে ৰক্ষা পৰে ৷ গাড়ী খনৰ চালক গেমনা মহিলাৰীয়ে জনোৱা অনুসৰি, সন্ধিয়া প্ৰায় ৫-৩০ বজাত উল্টাপানী শিৱ মন্দিৰৰ পৰা ৭/৮ কিলোমিটাৰ পথ অতিক্ৰম কৰা অহাৰ সময়ত ১৫/১৬ জনীয়া দুৰ্বৃত্তৰ দল এটাই অতৰ্কিতে গাড়ীখনত আক্ৰমণ চলায় ৷ সেই সময়ত গাড়ীখনৰ গতিবেগ ৫০/৬০ কিলোমিটাৰ আছিল ৷ এই ঘটনাই কোকৰাঝাৰৰ লগতে সমগ্ৰ বিটিচি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

আনহাতে, উক্ত ঘটনাৰ আৰত বিপিএফৰ নেতা ৰতনলাল বসুমতাৰীয়ে বিৰোধীপক্ষ জড়িত আছে বুলি দাবী কৰে । ইতিমধ্যে আইজি অনুৰাগ আগৰৱাল আৰু আৰক্ষী অধীক্ষক ৰাজেন সিঙে পৰিস্থিতৰ বুজ লৈছে ।

আৰু পঢ়কঃ কটকটীয়া নিৰাপত্তাৰ মাজত গুৱাহাটীলৈ অনা হ'ল ছাৰ্জিল ইমামক

Last Updated : Feb 21, 2020, 9:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.