ETV Bharat / state

বিটিচি চৰকাৰৰ 38 টা দল-সংগঠনৰ সৈতে মত বিনিময় সভা - সদৌ অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ

বিটিআৰ পৰিষদীয় চৰকাৰ-প্ৰশাসনৰ এক মত বিনিময় সভা ৷ বিটিআৰ এলেকাত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন,সমমৰ্যদা,সম-অধিকাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে কোকৰাঝাৰস্থিত বিটিআৰ সচিবালয় খেলপথাৰত অনুষ্ঠিত হয় এই মত বিনিময় সভা ৷

btc-authority-meeting-with-38-organization-in-kokrajhar
বিটিচি চৰকাৰৰ 38 টা দল-সংগঠনৰ সৈতে মত বিনিময় সভা
author img

By

Published : Jan 4, 2021, 8:37 PM IST

কোকৰাঝাৰ, 4 জানুৱাৰী : বিটিআৰৰ বিভিন্ন ছাত্ৰ আৰু সামাজিক দল-সংগঠনৰ সতে সোমবাৰে বিটিআৰ পৰিষদীয় চৰকাৰ-প্ৰশাসনৰ এক মত বিনিময় সভা অনুষ্ঠিত হয় ৷ বিটিআৰ এলেকাত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন,সমমৰ্যদা,সম-অধিকাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে কোকৰাঝাৰস্থিত বিটিআৰ সচিবালয় খেলপথাৰত অনুষ্ঠিত হয় এই মত বিনিময় সভা ৷

প্ৰমোদ বড়োৰ মন্তব্য

বিটিআৰ প্ৰশাসনৰ উদ্যোগত আয়োজিত মত বিনিময় অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী,সাংসদ তথা জিএছপিৰ সভাপতি নৱ কুমাৰ শৰণীয়া,কাৰ্যবাহী সদস্য গৌতম দাসকে ধৰি কেইবাগৰাকী কাৰ্যবাহী সদস্যৰ লগতে বিটিআৰ এলেকাৰ 38 টা ছাত্ৰ আৰু সামাজিক দল-সংগঠনৰ সভাপতি আৰু সম্পাদককে ধৰি আন নেতৃবৰ্গই অংশগ্ৰহণ কৰে ।

গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ মন্তব্য

লগতে পঢ়ক : ভাৰতৰ পাচতে পাকিস্তানত সৰ্বাধিক উপভোগ DD আৰু AIR

মত বিনিময় সভাত আদৰণি ভাষণ আগবঢ়াই বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয় যে,সমূহ দল-সংগঠনৰ ঐকান্তিক প্ৰচেষ্টাত গঠিত হোৱা বিটিআৰৰ পৰিৱৰ্তনকামী চৰকাৰে সম-মৰ্যদা,সম-অধিকাৰ,সম-উন্নয়নেৰে সকলোকে আগুৱাই লৈ যাব। চৰকাৰ গঠনৰ ক্ষেত্ৰত আগভাগ লোৱা সমূহ দল-সংগঠনক কৃতজ্ঞতা জ্ঞাপন কৰি গোৱিন্দ বসুমতাৰীয়ে কয় যে, চৰকাৰ আৰু ৰাইজৰ মাজত সু-সম্পৰ্ক স্থাপন হলেহে সকলো সমস্যাৰ সমাধান উলিয়াবলৈ চৰকাৰখন সফল হ'ব আৰু ৰাইজৰ অভাৱ, সমস্যা দূৰ কৰাই পৰিবৰ্তনকামী চৰকাৰৰ অন্যতম লক্ষ্য হ'ব বুলি সদৰি কৰে ।

btc-authority-meeting-with-38-organization-in-kokrajhar
বিটিচি চৰকাৰৰ 38 টা দল-সংগঠনৰ সৈতে মত বিনিময় সভা

মত বিনিময় সভাত অংশ লোৱা এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই বিটিআৰ চৰকাৰক ৰাইজৰ চৰকাৰ বুলি অভিহিত কৰি সকলো জাতি-জনগোষ্ঠীৰ সমন্বয়ত গঠিত হোৱা বিটিআৰ চৰকাৰে ৰাইজৰ সমস্যা সমাধান কৰিব বুলি আশা প্ৰকাশ কৰে ৷ সভাত সদৌ চাওতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিমন সৰেনে কয় যে,আদিবাসী জনগোষ্ঠী শৈক্ষিক,সামাজিক,ৰাজনৈতিক,অৰ্থনৈতিকভাৱে অতি পিছপৰা। বিগত 17 বছৰে বিভিন্ন ক্ষেত্ৰত আদিবাসী জনগোষ্ঠীৰ লোকসকল শোষিত-বঞ্চিত আৰু লাঞ্চিত হ'বলগীয়া হৈছিল ৷

লগতে পঢ়ক : স্বামীক হত্যা কৰি তিনি সন্তানসহ মহিলাৰ আত্মহত্যাৰ চেষ্টা

সম-অধিকাৰ, সম-উন্নয়নৰ প্ৰতিশ্ৰুতি দি বিটিআৰ দখল কৰা প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনক আদিবাসীৰ লগতে আন সকলো জনগোষ্ঠীৰ মৌলিক সমস্যাসমূহ সমাধান কৰাৰ লগতে নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লবলৈ আহ্বান জনায় । তদুপৰি মূলসুঁতিলৈ ঘুৰি অহা আদিবাসী সশস্ত্ৰ সংগঠনৰ সমস্যা সমাধান কৰিবলৈও আহ্বান জনাইছে সদৌ চাওতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিমন সৰেনে ।

একেদৰে মত বিনিময় অনুষ্ঠানত উপস্থিত থকা আন দল সংগঠনৰ নেৰ্তৃবৰ্গই বিগত 17 বছৰে বঞ্চনা-লাঞ্চনাৰ কথা সদৰি কৰি ভূমিৰ সমস্যা, গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা লোকক পুনৰ সংস্থাপন,সকলো জাতি-জনগোষ্ঠীৰ সম-মৰ্যদা,সম-উন্নয়ন,সম-বিকাশত গুৰুত্ব আৰোপ কৰিবলৈ নতুন চৰকাৰৰ প্ৰতি আহ্বান জনাই শান্তি,সম্প্ৰীতি,উন্নয়নেৰে বিটিআৰত নতুন দিগন্তৰ সূচনা কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : ন্যায়িক জিম্মাত তিনি বছৰীয়া শিশুৰ মৃত্যুক লৈ কৰ্ণাটকত তীব্ৰ প্ৰতিবাদ

আনহাতে,মত বিনিময় সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সভাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ আৰু সামাজিক দল -সংগঠনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, অনাগত সময়ছোৱাত সকলোৰে সহযোগত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ বিটিআৰ গঠনৰ পদক্ষেপ লোৱা হ'ব । ভূমিৰ সমস্যাকে ধৰি আন সকলো সমস্যা সমাধানৰ বাবে ক্ষিপ্ৰ পদক্ষেপ লোৱা হ'ব বুলি মন্তব্য কৰি সমাজ কল্যাণ বিভাগৰ দ্বাৰা অচিৰেই বিটিআৰত সামুহিক সুখ কোষ ( Community Happiness Cell ) গঠন কৰা হ'ব বুলি ঘোষণা কৰিছে ।

বিটিআৰ অঞ্চলত বসবাস কৰি প্ৰতিটো জাতি-জনগোষ্ঠীয়ে যাতে সম-মৰ্যাদা, সম-উন্নয়ন তথা সম-অধিকাৰৰ পাবলৈ সক্ষম হয় তাৰ বাবে সকলো জনগোষ্ঠীৰ বাবে উন্নয়ন বোৰ্ড গঠন কৰা হ'ব বুলিও সদৰী কৰে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই ৷

লগতে পঢ়ক : ক'ভিড প্ৰতিষেধকৰ তৃতীয় ক্লিনিকেল ট্ৰায়েলৰ বাবে ডিছিজিআইৰ সন্মতি লাভ জাইদাছ কেছিলাৰ

উল্লেখ্য যে,মত বিনিময় সভাত বিটিআৰ গোৰ্খা সমাজ,বিটিআৰ অনুসূচীত জাতি সন্থা,সদৌ মদাহী-কছাৰী ছাত্ৰ সন্থা,দুলুৰায় বড়ো হাৰিমু আফাট,সদৌ অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ,সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা,বিটিআৰ নাথ যোগী ছাত্ৰ সন্থা,বিটিআৰ সূত্ৰধৰ সন্মিলন,ৰাভা ছাত্ৰ সন্থা,আমছু,বিটিআৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা,বেংগলী যুৱ ছাত্ৰ সন্থা আৰু কেওঁত জাতীয় পৰিষদ আদিকে ধৰি 38 টা সংগঠনে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : 2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.