কোকৰাঝাৰ,চিৰাং,বিলাসীপাৰা, 1অক্টোৱৰঃ বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত উত্তাল বড়ো ভূমি ৷ বুধবাৰে বিটিএডিৰ চিৰাং,বিলাসীপাৰা, কোকৰাঝাৰ আদি স্থানত জোৰ সমদল বাহিৰ কৰি বিপিএফ দলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ কেইবা সহস্ৰাধিক লোকে ভাগ লোৱা এই জোৰ সমদলৰ জৰিয়তে উত্তাল কৰি তোলে বড়ো ভূমিৰ বিভিন্ন অঞ্চলসমূহ ৷ আমাক নিৰ্বাচন লাগে, বিপিএফ জিন্দাবাদ,হাগ্ৰামা মহিলাৰী জিন্দাবাদ আদি ধ্বনিৰে বিপিএফ কৰ্মী সকলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী সকল ৷ উল্লেখ্য যে ক’ৰণা মহামাৰীৰ ভয়াৱহ সংক্ৰমনৰ বাবে এপ্ৰিল মাহতে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন স্থগিত ৰাখি বিটিএডিত ৰাজ্যপালৰ শাসন বলবৎ কৰা হৈছিল ৷ যাৰ ফলত বিটিচি শাসিত অঞ্চলটোত উন্নয়নৰ কাম স্থবিৰ হৈ পৰা বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷

