ETV Bharat / state

হাগ্ৰামাৰ কাৰ্যকালত নিৰ্মাণ আৰম্ভ হোৱা দলঙৰ কাম বন্ধ হ’ল প্ৰমোদ বড়োৰ দিনত !

author img

By

Published : Dec 14, 2021, 5:50 PM IST

হাগ্ৰামা চৰকাৰৰ আমোলত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা দলঙৰ কাম বন্ধ কৰাক লৈ কোকৰাঝাৰত ক্ষুব্ধ ৰাইজ(Protest for bridge construction in Kokrajhar) ৷ এমাহৰ ভিতৰত দলঙৰ নিৰ্মাণ কাম পুনৰ আৰম্ভ নহ’লে নৈৰ পাৰতে অনশনত বহাৰ হুংকাৰ ৰাইজ তথা এবিএমছুৰ ৷

Bridge construction stopped after change in BTC government lead protest in Kokrajhar
হাগ্ৰামাৰ কাৰ্যকালত নিৰ্মাণ আৰম্ভ হোৱা দলঙৰ কাম প্ৰমোদ বড়োৰ দিনত বন্ধ হোৱাত ক্ষোভিত ৰাইজ !

কোকৰাঝাৰ, ১৪ ডিচেম্বৰ : বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ নিকটবৰ্তী হেকায়পাৰা মাছুৱাঘাটত গৌৰং নৈ’ৰ ওপৰত নিৰ্মীয়মান অৱস্থাত থকা পকী দলং এখনৰ কাম কাজ বন্ধ কৰাকলৈ অঞ্চলটোৰ প্ৰায় ১০ খন গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনকি, ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই অঞ্চলটোৰ গঞা ৰাইজে মঙলবাৰে মাছুৱাঘাটত গৌৰাং নৈৰ পাৰত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে(Protest for bridge construction in Kokrajhar) ৷

স্থানীয় ৰাইজ আৰু এবিএমছুৰ উদ্যোগত ৰূপায়িত হোৱা ধৰ্ণা কাৰ্যসূচীত বৃহত্তৰ হেকাইপাৰা আৰু দুৰামাৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰি দলঙৰ নিৰ্মাণকাম বন্ধ কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধৰ্ণা কাৰ্যসূচীত অৱস্থান লোৱা এবিএমছুৰ নেতা-কৰ্মী আৰু গঞা ৰাইজে আমাক দলং লাগে, দলং নিৰ্মাণৰ কামত হেমাহি নচলিব, বিটিআৰ চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে(ABMSU protest for bridge construction) ৷

ইপিনে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা এবিএমছুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক জাইদুল ইছলামে দলংখনৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰাৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো(BTC chief Pramod Boro) আৰু স্থানীয় বিধায়ক লৰেন্স ইছলাৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

অহা এমাহৰ ভিতৰত দলঙৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ নহ’লে এবিএমছুৱে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক লৈ এই গৌৰাং নৈৰ পাৰতে অনশনত বহিব বুলি এবিএমছুৰ নেতা গৰাকীয়ে হুংকাৰ দিয়ে ৷ উল্লেখ্য যে, যোৱা ২০১৯ চনতে কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত হেকায়পাৰা মাছুৱাঘাটত বিপিএফৰ সভাপতি তথা বিটিচিৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে(EX BTC chief Hagrama Mahilary) উক্ত গৌৰাং নৈৰ ওপৰত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ৷

আধাৰশিলা স্থাপনৰ পিছত দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভও কৰিছিল ঠিকাদাৰে ৷ যাৰ ফলস্ৰতিত দীৰ্ঘবছৰ ধৰি বিপদ সংকুলতাৰে মাছুৱাঘাট গৌৰাং নৈ’ৰ ওপৰৰে নৌকা বা বাঁহৰ দলংৰে নিতৌ আহ যাহ কৰা বৃহত্তৰ হেকাইপাৰা-দুৰামাৰী গাঁৱৰ ৰাইজৰ মাজত এক আশাৰ বতৰা কঢ়িয়াই আন কংক্ৰিট দলংখলৰ নিৰ্মাণৰ কাম কাজে ৷

কিন্তু হাগ্ৰামা চৰকাৰৰ আমোলাত আৰম্ভ হোৱা দলঙখনৰ নিৰ্মাণৰ কাম প্ৰায় এবছৰ পূৰ্বে বন্ধ হৈ পৰাত অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগিব লগীয়া হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাইজে আজিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, মঙলবাৰৰ এই ধৰ্ণা কাৰ্যসূচীত এবিএমছুৰ কোকৰাঝাৰ জিলাৰ সভাপতি নজৰুল ইছলামো উপস্থিত থাকে ৷

লগতে পঢ়ক : First death in Omicron: অ’মিক্ৰণত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.