ETV Bharat / state

হোটেল তাজ ভিভান্তাত হাগ্ৰামা-হিমন্তৰ বৈঠকৰ বাতৰিক অস্বীকাৰ বিপিএফৰ - বাক্সা জিলা

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোটেল তাজ ভিভান্তাত বৈঠক অনুষ্ঠিত হোৱাৰ বাতৰিক নস্যাৎ কৰিছে বিপিএফ দলে ৷ তেওঁলোকৰ মতে এইয়া এক ভিত্তিহীন খবৰ ৷

bpf-press-meet-at-central-office-kokrajhar
কোকৰাঝাৰ চহৰস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত বি পি এফৰ সংবাদমেল
author img

By

Published : Dec 19, 2020, 5:46 PM IST

কোকৰাঝাৰ, 19 ডিচেম্বৰ : হোটেল লিলি আৰু তাজ ভিভান্তা কেন্দ্ৰিক গৰম ৰাজনৈতিক বতাহে বিটিচিৰ লগতে ৰাজ্যখনত উত্তাল পৰিৱেশ অব্যাহত ৰখাৰ মাজতে শনিবাৰে বি পি এফ দলে দলীয় স্থিতি স্পষ্ট কৰিছে ৷ কোকৰাঝাৰ চহৰস্থিত বি পি এফৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত বি পি এফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৱে বিটিচিৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশৰ ওপৰত মন্তব্য প্ৰদান কৰি কয় যে, শুকুৰবাৰে ৰাজ্যখনৰ একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ দৰে গুৱাহাটীৰ তাজ ভিভান্তা হোটেলত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যৰ বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সতে বৈঠকত মিলিত হোৱা নাছিল ৷ এয়া ভিত্তিহীন আৰু শুদ্ধ তথ্যৰ ওপৰত পৰিৱেশন কৰা বাতৰি নহয় ৷ সেয়েহে ৰাইজৰ মাজত বিভ্ৰান্তিকৰ বা-বাতৰি পৰিৱেশনৰ পৰিৱৰ্তে সঠিক তথ্য উপস্থাপন কৰিবলৈ বি পি এফৰ নেতা গৰাকীয়ে আহ্বান জনাইছে ৷

আনহাতে, 20 ডিচেম্বৰত বাক্সা জিলাৰ বৰমাত বি পি এফ দলৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য নিৰ্ৱাহক বৈঠক অনুষ্ঠিত হ'ব বুলি বি পি এফ নেতা প্ৰবীন বড়োৱে সংবাদ মেলত সদৰি কৰি কয় যে, দেওবাৰৰ বৈঠকখনত দলে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত পৰ্যালোচনা কৰাৰ লগতে 2021 চনৰ বিধানসভা নিৰ্বাচনত বি পি এফ দলে কেনে ধৰণৰ ৰণকৌশল অৱলম্বন কৰিব সেই সন্দৰ্ভতো আলোচনাৰ সম্ভাৱনা আছে ৷

সংবাদমেলত বি পি এফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৰ মন্তব্য

লগতে পঢ়ক : তিনিচুকীয়াৰ 'বিশাল হোণ্ডা'ৰ সন্মুখত ভয়ংকৰ অগ্নিকাণ্ড

তদুপৰি বিটিচিবাসী ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বি পি এফ দলে বিটিচিত শক্তিশালী বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰি আগন্তুক দিনবোৰত কাম কৰি যাবলৈ মানসিক আৰু শাৰীৰিকভাৱে প্ৰস্তুত হৈছে বুলিও মন্তব্য কৰে বড়োই ৷ ৰাইজৰ দল আৰু বি পি এফৰ মাজত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কোনো বুজাবুজি আৰু মিত্ৰতা সংক্ৰান্তীয় বৈঠকত মিলিত হৈছে নেকি বুলি সাংবাদিকে জানিব বিচৰাত বি পি এফৰ নেতা গৰাকীয়ে ৰাইজৰ দলৰ সতে বৈঠকত মিলিত হোৱাৰ বিষয়টো অস্বীকাৰ কৰে ৷

উল্লেখ্য যে, সংবাদমেলত প্ৰবীন বড়োৱে লুৰিণ জ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ দললৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কাৰাবন্দী কৃষক নেতা অখিল গগৈক শীঘ্ৰে মুকলি কৰি দিব লাগে বুলি চৰকাৰৰ ওচৰত আহ্বান জনাইছে ৷

লগতে পঢ়ক : পুনৰাই স্বাস্থ্য কৰ্মীৰ দেহত কোভিড ১৯ ৰ প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.