ETV Bharat / state

BPF Meeting in Kokrajhar : হাগ্ৰামাৰ মহা বিস্ফোৰণ, বি টি আৰ নহয়, বি টি চিহে আছিল - ইউ পি পি এল

কোকৰাঝাৰৰ ফকিৰাগ্ৰামত বিপিএফৰ শপত গ্ৰহণ অনুষ্ঠান ৷ প্ৰায় 1026 জন নৱাগত বি পি এফ সদস্যই শপত গ্ৰহণ কৰে ৷ ‘‘ফকিৰাগ্ৰাম আৰু দোতমা ব্লকত ইউ পি পি এল দল বুলি একো নাথাকিব ৷ বি টি চি হে , বিটিআৰ নহয় ৷’’ এই দাবী বি পি এপ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷

BPF Meeting in Kokrajhar
হাগ্ৰামাৰ মহা বিস্ফোৰণ
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:46 PM IST

হাগ্ৰামাৰ মহা বিস্ফোৰণ

কোকৰাঝাৰ, 30 আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰ হৈ পৰিছে বিপিএফ দল ৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত বুধবাৰে বিপিএফৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ শপত গ্ৰহণ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিভিন্ন দল-সংগঠন আৰু ফকিৰাগ্ৰাম অঞ্চলৰ বৃহৎ সংখ্যক লোকে আজি বিপিএফ দলত যোগদান কৰে ৷ উল্লেখ্য যে আজি যোগদান কৰা লোকসকলৰ ভিতৰত ইউ পি পি এল, বিজেপি আৰু জি এচ পি দলৰ পৰা মুঠ 1026 জন সদস্যই আছিল ৷ বি পি এফত যোগদান কৰা সদস্যসকলে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে ৷ বি পি এফৰ নৱাগত সদস্য সকলক শপত বাক্য পাঠ কৰায় বি পি এফৰ জ্যেষ্ঠ নেতা দেৰহাছাৎ বসুমতাৰীয়ে ৷ ইপিনে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰী ৷

উক্ত অনুষ্ঠানৰ পাচতে হাগ্ৰামাই কয়,‘‘ ফকিৰাগ্ৰাম আৰু দোতমা ব্লকত ইউ পি পি এল দল বুলি একো নাথাকিব ৷’’ আনহাতে আগন্তুক বি টি চি নিৰ্বাচনৰ পিছত বি টি আৰ শব্দটো নাথাকে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মহিলাৰীয়ে ৷ এই প্ৰসংগত তেওঁ কয় যে আগন্তুক বি টি চি নিৰ্বাচনত বি পি এফে জয়লাভ কৰি চৰকাৰ গঠনৰ পাচতে বি টি আৰ শব্দটো নোহোৱা হৈ যাব ৷ কিয়নো আচল চুক্তি বি টি চি হে , বি টি আৰ নহয় ৷

বতৰ্মনাৰ বি টি আৰ প্ৰধান প্ৰমোদ বড়োক সমালোচনা কৰি হাগ্ৰামাই কয়, ‘‘ বি টি আৰত বৰ্তমান অধিকাংশই বিটিআৰৰ বাহিৰৰ ঠিকাদাৰে কাম কৰি আছে ৷ ফলস্বৰূপে বি টি চিৰ ব্যৱসায় ডাউন হৈছে ৷ প্ৰমোদ বড়োৱে স্থানীয় নিবনুৱাসকলক বঞ্চিত কৰি 90 শতাংশ ঠিকাৰ কাম বি টি চিৰ বাহিৰৰ ঠিকাদাৰক দিছে ৷’’ আনহাতে মিত্ৰতাৰ সম্পৰ্কত লোকসভা নিৰ্বাচনত বি পি এফ দলে কাৰো সৈতে মিত্ৰতা নকৰে বুলি উল্লেখ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জয়ী হোৱাটো খাটাং বুলি দাবী কৰে মহিলাৰীয়ে ৷ লোকসভা নিৰ্বাচনৰ তিনিমাহৰ পূৰ্বে বি পি এফে প্ৰাৰ্থী ঘোষণা কৰিব বুলি সদৰী কৰি ইউ পি পি এলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ভাল মানুহ নহয় বুলি মন্তব্য কৰিছে মহিলাৰীয়ে ৷

লগতে পঢ়ক:Kokrajhar News: আৰক্ষী থানাৰ ন্যায়িক পৰিসীমা ৰঙিয়া লৈ স্থানান্তৰৰ বিৰোধিতা এবছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.