ETV Bharat / state

BPF public rally: বিশাল জনজাগৰণ সভা তথা পদযাত্ৰাৰে শক্তি প্ৰদৰ্শন হাগ্ৰামাৰ - Pramod Boro CEM BTC

জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচীৰে শক্তি প্ৰদৰ্শন মহিলাৰী নেতৃত্বাধীন বিপিএফৰ ৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰু দোতমা পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে অনুষ্ঠিত কৰে দুখনকৈ বিশাল জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচী (BPF public rally in Kokrajhar) ৷ বিটিচিত ‘‘প্ৰমোদ বড়ো হাটাও আৰু বিটিচি বাচাও’’ আহ্বান হাগ্ৰামা মহিলাৰীৰ ৷

BPF hold public rally in Kokrajhar
কোকৰাঝাৰত শক্তি প্ৰদৰ্শন হাগ্ৰামাৰ
author img

By

Published : Mar 20, 2023, 8:14 AM IST

BPF public rally in Kokrajha
কোকৰাঝাৰত বিপিএফৰ বিশাল জনজাগৰণ সভা

কোকৰাঝাৰ, 19 মাৰ্চ : 2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচীৰে শক্তি প্ৰদৰ্শন মহিলাৰী নেতৃত্বাধীন বিপিএফৰ ৷ কোকৰাঝাৰত বিপিএফৰ বিশাল জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচী ৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰু দোতমা পৰিষদীয় সমষ্টিত যোৱা 19 মাৰ্চ, দেওবাৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে অনুষ্ঠিত কৰে দুখনকৈ বিশাল জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচী (BPF public rally in Kokrajhar) ৷

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিত পদযাত্ৰা কাৰ্যসূচীত আৰু পুৰাণ বজাৰৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা বিপিএফৰ এক জনজাগৰণ সভাত অংশ লয় BPF প্ৰধান গৰাকীয়ে ৷ ইয়াৰ পাচত পুনৰ দোতমা পৰিষদীয় সমষ্টিৰ দোতমাৰ থুলংগাপুৰী খেলপথাৰত এক বিশাল পদযাত্ৰা আৰু জনজাগৰণ সভাত অংশ লয় হাগ্ৰামা মহিলাৰীয়ে (BPF hold public rally in Kokrajhar) ৷

দুয়োখন সভাত অংশগ্ৰহণ কৰি BTR ত শাসনৰ দায়িত্বত থকা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল আৰু বিজেপি মিত্ৰজোঁটৰ পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে BPF প্ৰধান হাগ্ৰামা মহিলাৰী ৷ ভাষণ প্ৰসংগত BPF প্ৰধানজনে কয় যে, যোৱা আঢ়ৈ বছৰৰ শাসনকালত একোৱেই কাম কৰা নাই প্ৰমোদ বড়োৱে ৷ উন্নয়নমূলক কামৰ ক্ষেত্ৰত শূন্য প্ৰমোদ বড়োৱে ৰাইজৰ মংগলাৰ্থে কোনো কাম কৰিব পৰা নাই বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে (Hagrama Mohilary slams Pramod Boro) ৷

শাসনৰ গাদীত বহি বিটিচিত প্ৰমোদে বড়োৱে কোনো পৰিবৰ্তন আনিব পৰা নাই, যদি পৰিৱৰ্তন আনিছে প্ৰমোদ বড়োৰ পকেটলৈহে পৰিৱৰ্তন আহিছে বুলি অভিযোগ কৰে BPF প্ৰধানজনে ৷ গতিকে বিটিচিত ‘‘প্ৰমোদ বড়ো হাটাও আৰু বিটিচি বাচাও’’ বুলি আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে কয় যে, এই আঢ়ৈ বছৰত আমি মনে মনে আছিলো যদিও বিটিচিক ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ এতিয়া ওলাই আহিবলৈ বাধ্য হৈছো (Hagrama Mahilary news)৷

আনহাতে যোৱা দুটা বছৰত প্ৰমোদ বড়োৱে মাত্ৰ চাৰি কিল'মিটাৰ পথ নিৰ্মাণ কৰি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বিয়াগোম দুৰ্নীতি ,অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নামত খেলিমেলিৰে ডাবল কমিচনৰ ৰাজত্বৰে বিটিচি চলাইছে বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ সভাত হাগ্ৰামা মহিলাৰীয়ে আক্ষেপৰে কয়, "আমাৰ দিনত নিৰ্মাণ কৰা বিটিচি সচিবালয়, বড়োলেণ্ড অতিথিশালাত বহি একো উন্নয়ন নকৰা বুলি মোকেই গালি দিয়ে প্ৰমোদ বড়োৱে (Pramod Boro CEM BTC) ৷"

ট্ৰেক্টৰ তীব্ৰগতিত চলালে দুৰ্ঘটনা ঘটিবই বুলি কটাক্ষ কৰি 2025ৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনত প্ৰমোদ বড়োক বিদায় দিব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ বৰ্তমান বিপিএফৰ দলীয় স্থিতি যথেষ্ট ভাল বুলি মন্তব্য কৰি আগন্তক লোকসভা নিৰ্বাচনকলৈ প্ৰস্তুতি চলোৱাৰ কথা সদৰী কৰে BPF প্ৰধানজনে ৷ কোকৰাঝাৰ আৰু ওদালগুৰী লোকসভা সমষ্টিত বিপিএফ দলে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু বুলি মন্তব্য কৰি মহিলাৰীয়ে অহা 27 মাৰ্চত গুৱাহাটীত উপস্থিত হ'ব লগা কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক বিপিএফ দলে সাক্ষাৎ কৰিব বুলি জনায় (Hagrama Mohilary BPF Chief) ৷

ফকিৰাগ্ৰাম আৰু দোতমাৰ জনজাগৰণ সভাত বিপিএফৰ উপ সভাপতি খাম্পা বৰগয়াৰী, ছালাকাটি সমষ্টিৰ পাৰিষদ দেৰহাচাৎ বসুমতাৰী, দোতমাৰ পাৰিষদ প্ৰকাশ বসুমতাৰী আৰু বিপিএফৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ লগতে বহু দলীয় নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে, সোমবাৰে গোঁসাইগাঁও মহকুমাৰ শৰাইবিল আৰু কচুগাঁৱত অনুষ্ঠিত হ'ব বিপিএফৰ জনজাগৰণ আৰু পদযাত্ৰা কাৰ্যসূচী ৷

উল্লেখযোগ্য যে, 2024ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে, দলীয় শক্তি প্ৰদৰ্শনত নামি পৰিছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF ৷ নিজৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিবলৈ এতিয়া BPF দলে এনেদৰে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচী ৷

লগতে পঢ়ক:Preservation of Dipor Bil : দীপৰ বিলৰ সংৰক্ষণ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.