কোকৰাঝাৰ, 30 এপ্ৰিল : কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৱাসক বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন হিচাপে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে ছাত্ৰী নিৱাসটোৰ চাৰিগৰাকীকৈ ছাত্ৰীৰ দেহত কৰ’ণাৰ অৱস্থিতি পোৱাৰ পাচতে এই সিদ্ধান্ত ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷
![bodoland universitys girls hostel declared as containment zone](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-bodolanduniversitycontainmentzonedeclared-photo-10044_29042021220337_2904f_1619714017_919.png)
বৃহস্পতিবাৰৰ নিশা 7 বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ বিশ্ববিদ্যালয়খনৰ ছাত্ৰী নিৱাসৰ চৌহদক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে সমগ্ৰ এলেকাটো ছীল কৰা হৈছে ৷ পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বিশ্ববিদ্যালয়খনৰ ছাত্ৰী নিৱাসৰ চৌহদত প্ৰৱেশ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ লগতে এলেকাটোত যান-বাহনৰ অহা-যোৱা বন্ধ কৰি দিয়াৰ উপৰিও ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় প্ৰশাসনে ৷
লগতে পঢ়ক : জীৱন মৰাণক লৈ অধিক তথ্য দিয়াৰ পৰা বিৰত আৰক্ষী