ETV Bharat / state

বড়োলেণ্ড বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ - bodoland examination

বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যো-জা চলোৱাৰ সময়তে জাঙুৰ খাই উঠিছে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকল ৷ অফলাইন পৰীক্ষা বাতিল কৰি অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত শিক্ষাৰ্থীসকলে বুধবাৰে বিশ্ববিদ্যালয়খনৰ চৌহদত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ

author img

By

Published : Apr 21, 2021, 8:42 PM IST

কোকৰাঝাৰ,২১ এপ্ৰিল: ৰাজ্যজুৰি কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে কোকৰাঝাৰৰ দেৱৰগাঁৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যো-জা চলাইছে । পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যো-জা চলোৱাৰ সময়তে জাঙুৰ খাই উঠিছে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকল ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ
বড়োলেণ্ড বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ

অফলাইন পৰীক্ষা বাতিল কৰি অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত শিক্ষাৰ্থীসকলে বুধবাৰে বিশ্ববিদ্যালয়খনৰ চৌহদত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সামাজিক দূৰত্ব বজাই ৰাখি, মাস্ক পৰিধান কৰি প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

শিক্ষাৰ্থীসকলৰ মতে এনে সময়ত অফলাইন পৰীক্ষাত বহাটো এটা ভয়ানক বিপদ হৈ পৰিছে তেওঁলোকৰ বাবে ৷ যিহেতু কৰ’ণাৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সেয়েহে অফলাইন পৰীক্ষা বাতিল কৰি অনলাইনৰ মাধ্যমত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছে ৷ জটিল পৰিস্থিতিত সকলো ছাত্ৰ-ছাত্ৰী দূৰণিৰ পৰা আহি পৰীক্ষা দিয়াটোও আন এটা সমস্যা হিচাপে দেখা দিছে বুলি ছাত্ৰ-ছাত্ৰীসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে জানিবলৈ দিয়া মতে, ২২ এপ্ৰিলৰ পৰা বিএড আৰু স্নাতকোত্তৰ শ্ৰেণীৰ পৰীক্ষা আৰু আন পৰীক্ষাবোৰ পৃথক পৃথক তাৰিখত অনুষ্ঠিত কৰাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সিদ্ধান্ত লৈছিল ৷ এতিয়া শিক্ষাৰ্থীৰ অসুবিধাৰ কথা চিন্তা কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কি সিদ্ধান্ত গ্ৰহণ কৰে তাৰে অপেক্ষা সকলো শিক্ষাৰ্থীৰ ।

লগতে পঢ়ক: বিহালী স্নাতক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.