কোকৰাঝাৰ ২০ মাৰ্চঃ বিশ্বজুৰি কৰ'ণা ভাইৰাছক লৈ চৌদিশে আতংকই বিৰাজ কৰি তোলাৰ সময়তে অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচন জৰুৰীকালীনভাৱে স্থগিত ৰখাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বড়োলেণ্ড ছাত্ৰ সন্থাই ৷
শুকুৰবাৰে টেঙাপাৰাস্থিত বিটিচিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি সভাপতি সৌগমছাৰ বসুমতাৰীয়ে বিটিচি নিৰ্বাচন নিৰ্ধাৰিত সময়মতে নতুবা পূৰ্বেই অনুষ্ঠিত কৰিবলৈ প্ৰৱল দাবী উত্থাপন কৰে । বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএচইউৰ নেতাজনে মাৰাত্মক কৰ'ণা ভাইৰাছক লৈ বিটিচি নিৰ্বাচন পিছুৱাই নিয়াতো পক্ষপাতি নহয় বুলি সদৰী কৰে ৷ নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ পৰিবৰ্তে পিছুৱালে কৰ'ণা ভাইৰাছে অধিক অৱনতিহে ঘটাব বুলি তেওঁ আশংকা ব্যক্ত কৰে ৷ ইয়াৰোপৰি ছাত্ৰ সংগঠনটোৱে বিটিচি নিৰ্বাচনী প্ৰচাৰ,ভোটকেন্দ্ৰত কৰ'ণা ভাইৰাছ প্ৰতিৰোধ আৰু সাৱধানতাৰ বিহিত পদক্ষেপ লোৱাৰ বাবে চৰকাৰক সংবাদমেলযোগে আহ্বান জনায় ৷
লগতে পঢ়কঃ নিৰ্বাচনী প্ৰচাৰ বন্ধ ৰাখিলেও নিৰ্বাচন সময়মতেই অনুষ্ঠিত হওক : বিশ্বজিৎ দৈমাৰী