ETV Bharat / state

Reaction of Bodo Sahitya Sobha: বিত্তীয় খেলিমেলিৰ অভিযোগ অস্বীকাৰ বড়ো সাহিত্য সভাৰ

author img

By

Published : Feb 25, 2023, 10:47 PM IST

Updated : Feb 27, 2023, 10:37 PM IST

বড়ো সাহিত্য সভাৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় খেলিমেলিৰ অভিযোগ অস্বীকাৰ সভাৰ (Bodo Satiya Sobha) ৷ দুষ্ট চক্ৰই বড়ো সাহিত্য সভাক বিতৰ্কৰ মাজলৈ আনিবলৈ অপচেষ্টা চলোৱা বুলি মন্তব্য বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো আৰু সাধাৰণ সম্পাদক প্ৰশান্ত বড়োৰ ৷

Allegation of Financial irregularities against Bodo Sahitya Sabha
ব ড়ো সাহিত্য সভাৰ বিত্তীয় খেলিমেলিৰ অভিযোগ অস্বীকাৰ

কোকৰাঝাৰ, ২৫ ফেব্ৰুৱাৰী:বড়ো সাহিত্য সভাই গ্ৰন্থ প্ৰকাশৰ বাবে লাভ কৰা ২০ লাখ টকাৰ খেলিমেলি কৰা বুলি উত্থাপিত অভিযোগ নাকচ কৰিছে বড়ো সাহিত্য সভাই (Allegation of Financial irregularities against Bodo Sahitya Sabha)। শুকুৰবাৰে বিয়লি পাটগাঁৱৰ খালাইশ্ৰী পথাৰত অনুষ্ঠিত হৈ থকা বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনথলীত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো আৰু সাধাৰণ সম্পাদক প্ৰশান্ত বড়োৱে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয় যে সাহিত্য সভাক বিতৰ্কৰ মাজলৈ আনিবলৈ অপচেষ্ঠা কৰি কোনোবা দুষ্টচক্ৰই উক্ত অভিযোগ উত্থাপন কৰিছে (Bodo Sahitya Sabha denied Allegation of Financial irregularities )। এই অভিযোগ সম্পূৰ্ণৰূপে ভূৱা আৰু গোকট মিছা বুলি কয় বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো আৰু সাধাৰণ সম্পাদক প্ৰশান্ত বড়োৱে ।

বড়ো সাহিত্য সভাই একেষাৰে উক্ত অভিযোগ নাকচ কৰি কয় যে চৰকাৰে সম্পূৰ্ণ পুঁজি আজিলৈ যোগান ধৰা নাই । যি পুঁজি যোগান ধৰিছে সেয়া বকেয়া ঋণ পৰিশোধ কৰোতেই শেষ হোৱা বুলি কয় । তেওঁলোকে কয় যে ব্যক্তিগত গ্ৰন্থ প্ৰকাশ কৰাত গুৰুত্ব দিয়াতকৈ পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশত অধিক গুৰুত্ব দিয়া হৈছে । তৎসত্বেও কিছুসংখ্যক গ্ৰন্থও ছপা কৰা হৈছে বুলি উল্লেখ কৰি কয় যে বড়ো সাহিত্য সভাৰ মুখপত্ৰ ছপা কৰা হৈছে । তদুপৰি অন্যান্য কৰ্মশালা, আলোচনাচক্ৰ , গ্ৰন্থমেলা আদিৰো আয়োজন কৰা হৈছে । দুটাকৈ কাৰ্যালয়ৰ কৰ্মচাৰীৰ দৰমহা দিয়া হৈছে । আচলতে পুঁজি খেলিমেলি বিষয়টো কোনোবা দুষ্টচক্ৰই বড়ো সাহিত্য সভাক বিতৰ্কৰ মাজলৈ আনিবলৈ অপচেষ্ঠা কৰি উত্থাপন কৰিছে । উক্ত অপচেষ্ঠাক বড়ো সাহিত্য সভাই নিন্দা প্ৰকাশ কৰি বড়ো সাহিত্য সভাই নিজৰ কাম নিয়াৰিকৈ সম্পন্ন কৰি যাব আৰু চাৰ্টাৰ্ট একাউণ্টটেণ্টৰ দ্বাৰা হিচাপ কৰা হয় বুলি বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো আৰু সাধাৰণ সম্পাদক প্ৰশান্ত বড়োৱে কয় ।

উল্লেখ্য় যে কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ ৰাণী খালাইশ্ৰী পথাৰত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশন (62nd session of Bodo Sahitya Sabha begins)। বৃহস্পতিবাৰে প্ৰথম দিনটোৰ কাৰ্যসূচী বিয়লি শুভাৰম্ভ কৰা হয় (Bodo Sahitya Sabha begins in Kokrajhar) ৷ ইপিনে,পাটগাঁৱৰ সৰলভাঙা নৈৰ পাৰৰ ৰাণী খালাইশ্ৰী পথাৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ মূল তোৰণখন উদ্বোধন কৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই (IAS Varnali Deka)। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰতিনিধি শিবিৰ, গ্ৰন্থমেলা, প্ৰতিনিধি হ’ল, প্ৰদৰ্শনী, স্বেচ্ছাসেৱকৰ শিৱিৰ আৰু ভোজনালয়কে ধৰি আন দহটাকৈ স্থানৰ দ্বাৰ মুকলি কৰা হৈছে ।

লগতে পঢ়ক:Army officer detained from Tezpur: হত্যাৰ গোচৰত ভাৰতীয় সেনাৰ মিছন চাৰিআলিৰ চতুৰ্থ ক'ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰক আটক

Last Updated : Feb 27, 2023, 10:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.