গোৱালপাৰা,16 ছেপ্তেম্বৰ: গোৱালপাৰা কছাৰী ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা তিনি কিশোৰৰ মৃতদেহ উদ্ধাৰ ৷ এনডিআৰএফ আৰু এছডিআৰএফৰ অভিযানত বৃহস্পতিবাৰে উদ্ধাৰ হয় যুৱক তিনিজনৰ মৃতদেহ ৷ নবী হুছেইন নামৰ কিশোৰ গৰাকীৰ মৃতদেহ দুপৰীয়াৰ ভাগত উদ্ধাৰ হোৱাৰ পিছত বিয়লিলৈ মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহো উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে ৷ এই ঘটনাৰ বাবে সমগ্ৰ গোৱালপাৰাতে পৰিছে শোকৰ ছাঁ ৷
উল্লেখ্য যে, নবী হুছেইনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অন্য দুজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰৰ বাবে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে অভিযান চলাই থকাৰ মাজতে ধুমুহা-বৰষুণ অহাৰ বাবে উদ্ধাৰ অভিযান বন্ধ কৰিবলৈ বাধ্য হয় উদ্ধাৰকাৰী দল ৷ কিন্তু ধুমুহা-বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীত সৃষ্টি হোৱা ঢৌত ওপঙি উঠে মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহ ৷
বুধবাৰে গোৱালপাৰা চহৰৰ কাছাৰীঘাটত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰিছিল এই তিনিজন যুৱক ৷ উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ গোৱালপাৰাৰ বৰ পাহাৰৰ নবী হুছেইন, মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলাম নামৰ তিনিজন যুৱক লগৰীয়াৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল ৷
লগতে পঢ়কঃ APDCL ৰ পৰীক্ষাত খেলিমেলি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত তদন্তকাৰী দল