কোকৰাঝাৰ,23 মাৰ্চ : বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ যুৱ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বিজেপি সংখ্যালঘু মৰ্চাৰ মণ্ডল সমিতি ৷ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত 7 নং ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পৰা বিগত বিটিআৰ নিৰ্বাচনত বিজয়ী হৈ অৰূপ কুমাৰ দে’ই বিটিআৰৰ কাৰ্যবাহী সদস্যৰ পদ দখল কৰাৰ তিনিমাহ নৌহওঁতেই সমষ্টিটোৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক তুচ্ছ-তাচ্ছিল্য কৰিছিল ৷ ইয়াৰোপৰি, ক্ষমতাৰ ৰাগীত ফকিৰাগ্ৰাম সমষ্টিৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ মণ্ডল সমিতিৰ বিষয়ববীয়া, নেতা-কৰ্মী সকলোকো ভদ্ৰতাৰে মাত এষাৰ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শিঙিমাৰীত সমষ্টিটোৰ বিজেপি সংখ্যালঘু মৰ্চাৰ মণ্ডল সমিতিৰ সভাপতি ছাইদুল শ্বেখ আৰু সাধাৰণ সম্পাদক আয়ুৱ আলীয়ে এক সংবাদমেলযোগে বিজেপিৰ যুৱ নেতা তথা কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ৷ পৰিষদীয় নিৰ্বাচনত জয়ী হোৱাৰ পাচত অৰূপ কুমাৰ দে’ই সমষ্টিটোৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক বৈষম্যতাৰে তুচ্ছ-তাচ্ছিল্য কৰা বুলি অভিযোগ তুলি মৰ্চাৰ নেতাদ্বয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
সংবাদমেলযোগে মৰ্চাৰ নেতাদ্বয়ে পৰিষদীয় নিৰ্বাচনত সংখ্যালঘু ৰাইজে বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে’ ওৰফে চম্পকক জয়ী কৰাইছিল শাসনৰ গাদী দখলৰ পাচত সমষ্টিবাসীক গুৰুত্ব নিদিয়া বুলিও মন্তব্য কৰে ৷ সমষ্টিটোৰ সংখ্যালঘু ৰাইজক দুৰ্ব্যৱহাৰ কৰা অৰূপ কুমাৰ দে’ ইয়াৰ বাবে জবাবদিহি হ’ব লাগিব বুলি মন্তব্য কৰে বিজেপি সংখ্যালঘু মৰ্চাৰ মণ্ডল সভাপতি আৰু সম্পাদক দ্বয়ে ৷ লগতে তেওঁলোকে এইবাৰ নিৰ্বাচনত ইউপিপিএল দলৰ প্ৰাৰ্থীৰ হৈ ফকিৰাগ্ৰাম এলেকাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোঁ-জা চলোৱা অৰূপ কুমাৰ দে’ৰ নিৰ্বাচনী সভা বৰ্জন আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ বাবেও প্ৰস্তুত হব বুলি হংকাৰ দিয়ে ৷
উল্লেখ্য যে, এই সংবাদমেলত উপস্থিত থাকে ফকিৰাগ্ৰাম সমষ্টিৰ বিজেপি সংখ্যালঘু মৰ্চাৰ মণ্ডল সমিতিৰ কোষাধ্যক্ষ মুন্নাফ মণ্ডল আৰু মহিলা মৰ্চাৰ সভানেত্ৰী ৰেহেনা বেগম ৷
লগতে পঢ়ক : দিব্যাংগসকলক লৈ দলৰ বিৰুদ্ধে সৰৱ প্ৰতিবন্ধী সুৰক্ষা সংস্থা