কোকৰাঝাৰ, ২ জানুৱাৰী : শেহতীয়া বিটিচি পৰিষদীয় নিৰ্বাচনত লাভ কৰা আশানুৰূপ ফলাফলৰ পিছতে বিটিচি অঞ্চলত গেৰুৱা বাহিনীয়ে খোপনি পোতাৰ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী থকা অৱস্থাত শনিবাৰে বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰৰ কদমতলাস্থিত ছিখনাঝাৰ জিমনেছিয়াম হলত বিজেপি দলে অনুষ্ঠিত কৰে এখন গুৰুত্বপূৰ্ণ দলীয় সাংগঠনিক আৰু সম্বৰ্ধনা সভা ৷
সাংগঠনিক সভাত অংশগ্ৰহণ কৰা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে সাংবাদিকৰ আগত কয় যে, বিটিচিৰ চাৰিখন জিলাত বিজেপি দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যৰে সভাখন আয়োজন কৰা হৈছে ৷ বুথ পৰ্যায়ৰ পৰাই দলে দলীয় স্থিতি মজবুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ৷ সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনী মিত্ৰতা সম্পৰ্কে সাংবাদিকে জানিব বিচৰাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে, দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক তথা বৰ্তমান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে বিটিচিত ইউপিপিএল দলৰ সৈতে মিত্ৰতাৰ সেউজ সংকেত প্ৰদান কৰিছে ৷ গতিকে বিটিচিৰ ১২ টা সমষ্টিত বিজেপি-ইউপিপিএলে প্ৰতিদ্বন্দিতা কৰাটো প্ৰায় নিশ্চিত আৰু এই ১২ টা সমষ্টিতে জয়ী হোৱাতো আমাৰ লক্ষ্য বুলি মন্তব্য কৰে ৰঞ্জিত দাসে ৷
![bjp and uppl will go to alliance for up coming assembly election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-02-kjr-bjporganizationalmeeting-vis-byte-photo-10044_02012021162010_0201f_1609584610_566.jpg)
কিন্তু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচনত কোনো ধৰণৰ মিত্ৰতা কৰা নহয় বুলি এক প্ৰকাশ নিশ্চয়তা প্ৰকাশ পাইছে ৰণজিৎ দাসৰ মন্তব্যত ৷ বিপিএফৰ সতে এতিয়া বিজেপি দলৰ মিত্ৰতা নাই যদিও অহা এক-দুমাহলৈ এই মিত্ৰতা থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি জনে ৷ ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপি দলে ১০৩ ৰ পৰা ১০৪ খন আসন লাভ কৰিব বুলি আশাবাদী ৰণজিৎ দাস ৷
বিৰোধী সন্দৰ্ভত তেওঁ কয় যে, কংগ্ৰেছ-এআইইউডিএফ দুয়োটা দলে মিলি 22ৰ পৰা 23 খনৰ বেছি আসন লাভ নকৰে ৷ ঠিক তেনেদৰে নতুনকৈ আত্মপ্ৰকাশ কৰা এজেপি দলেও বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলাৱ নোৱাৰে ৷ বিটিচিৰ পৰা আৰম্ভ কৰি কাৰ্বিআংলং, ডিমা হাছাও, তিৱা, দেউৰী, মিছিং, সোণোৱাল-কছাৰী স্বায়ত্ব পৰিষদ এলেকাত থকা বিধানসভা সমষ্টিবোৰতো বিজেপিক আন দলে ৰোধিব নোৱাৰে বুলি দাবী কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷
আনহাতে, এই সাংগঠনিক সভাৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে দলীয় পতাকা উত্তোলন কৰে ৷ ইফালে আজিৰ দলীয় সাংগঠনিক আৰু সম্বৰ্ধনা কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, উপ-মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীক একোখনকৈ আৰ্ণাইৰে সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে বিজেপিৰ সাংগঠনিক সভাত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা, ঢেকিয়াজুলিৰ বিধায়ক অশোক কুমাৰ সিংঘাল, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰীয়ে অংশ গ্ৰহণ কৰে ৷
লগতে পঢ়ক : অসমৰ এটা চেনেলে কেতিয়াও কংগ্ৰেছৰ ভাল কথা নকয়: ৰিপুণ বৰা