ETV Bharat / state

বিলাসীপাৰাত মাৰোৱাৰী যুৱ মঞ্চৰ মানৱীয়তাৰ নিদৰ্শন - অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন্দ্ৰ শীল

বিলাসীপাৰা মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰশংসনীয় পদক্ষেপ ৷ মাৰোৱাৰী যুৱ মঞ্চৰ বিলাসীপাৰা শাখা সমিতিৰ তৎপৰতা ৷ ভৰি হোৰোৱা যুৱকৰ বিনামুলীয়াকৈ কৃত্ৰিম ভৰি সংস্থাপন ৷

বিলাসীপাৰা মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰশংসনীয় পদক্ষেপ
author img

By

Published : Sep 18, 2019, 11:47 AM IST

বিলাসীপাৰা,18 চেপ্টেম্বৰ: বিলাসীপাৰাত মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মাৰোৱাৰী যুৱ মঞ্চই ৷ মাৰোৱাৰী যুৱ মঞ্চৰ বিলাসীপাৰা শাখা সমিতিৰ তৎপৰতাত বিলাসীপাৰা চহৰৰ ৮ নম্বৰ ৱাৰ্ড দুৰ্গাপুৰৰ শিক্ষিত নিবনুৱা যুৱকৰ সুৰজিৎ শীলৰ দুৰ্ভগীয়া জীৱনৰ যেন অৱসান ঘটিল ৷ এক পথ দুৰ্ঘটনাত নিজৰ সোঁ ভৰিখন হেৰুৱাই শোকে-তাপে ভাগি পৰা যুৱকজনৰ মুখত হাঁহি বিৰিঙালে মাৰোৱাৰী যুৱ মঞ্চই ৷ মঞ্চৰ কৰ্মী সুৰজ মল জৈনৰ প্ৰচেষ্টাত মঙলবাৰে আন দহজনৰ খোজত খোজ মিলাই পুনৰ খোজ পেলালে যুৱকজনে ৷

বিলাসীপাৰাত মাৰোৱাৰী যুৱ মঞ্চৰ মানৱীয়তাৰ নিদৰ্শন

উল্লেখ্য যে,ৱাৰ্ডটোৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন্দ্ৰ শীল আৰু লিলি শীলৰ একমাত্ৰ পুত্ৰ সন্তান সুৰজিৎ শীলৰ যোৱা বৰ্ষৰ ২৮ অক্টোবৰৰ দিনা এক পথ দুৰ্ঘটনাত সোঁভৰিখন কেবা ঠাইত ভাঙিছিল | পিছত বিহাৰৰ পাটনা চিকিৎসালয় ভৰ্তি কৰিছিল সুৰজিতক | চিকিৎসকে সোঁভৰিখন কাটি পেলোৱাৰ পৰা শয্যাগত হৈ আছিল সুৰজিত | মাৰোৱাৰী যুৱ মঞ্চই যুৱকজনক যোৱা ২৬ অক্টোবৰত পশ্চিমবংগ ৰাজ্যৰ শিলিগুৰি নেশ্যনেল ফাউণ্ডেচন বিকলাংগ কেন্দ্ৰত ভৰ্তি কৰে | কেন্দ্ৰটোত চিকিৎসা প্ৰদান কৰি যুৱক জনক সম্পূৰ্ণ সুস্থ কৰি তোলাৰ লগতে সংস্থাপন কৰে কৃত্ৰিম ভৰি | সম্পূৰ্ণ বিনামূলীয়াকৈ কৃত্ৰিম ভৰি সংস্থাপন কৰি যুৱকজনে মঙলবাৰে সন্ধিয়াৰ ভাগত শিলিগুৰিৰ পৰা আহি নিজ বাসগৃহত উপস্থিত হয় ৷

ইফালে পেঞ্চনৰ যৎসামান্য টকাৰে পৰিয়ালৰ ভোৰণ-পোষণ দিয়া সুৰজিতৰ বৃদ্ধ পিতৃয়ে বিকলাংগৰ বাবে সুৰক্ষিত আঁচনিত এটা চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ চৰকাৰক আবেদন জনাইছে ৷

Intro:Anchor - বিলাসীপাৰাত মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মাৰোৱাৰী যুৱ মঞ্চই | মঞ্চৰ বিলাসীপাৰা শাখা সমিতিৰ তৎপৰতাত বিলাসীপাৰা চহৰৰ ৮ নম্বৰ ৱাৰ্ড দুৰ্গাপুৰৰ শিক্ষিত নিবনুৱা যুৱকৰ সুৰজিৎ শীলৰ পঙ্গুত্ব জীৱনৰ যেন অৱসান ঘটিল | এক পথ দুৰ্ঘটনাত নিজৰ সোঁ ভৰি খন হেৰুৱাই শোকে তাপে ভাগি পৰা যুৱক জনৰ মুখত হাঁহি বিৰিঙিয়ালে মাৰোৱাৰী যুৱ মঞ্চই | মঞ্চৰ কৰ্মী সুৰজ মল জৈনৰ প্ৰচেষ্টাত পঙ্গুত্ব জীৱনৰ পৰা মুক্ত হৈ মঙ্গলবাৰে আন দহজনৰ খোজত খোজ মিলাই পুনৰ খোজ পেলালে যুৱক জনে |Body:উল্লেখ্য যে ৱাৰ্ডটোৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন্দ্ৰ শীল আৰু লিলি শীলৰ একমাত্ৰ পুত্ৰ সন্তান সুৰজিৎ শীল | যোৱা বৰ্ষৰ ২৮ অক্টোবৰৰ দিনা এক পথ দুৰ্ঘটনাত কেবা ঠাইত ভাঙিছিল সোঁভৰি খন | পিছত বিহাৰৰ পাটনা চিকিৎসালয় ভৰ্তি কৰিছিল সুৰজিতক | চিকিৎসকে সুৰজিতৰ সোঁভৰি খন কাটি পেলাইছিল | তেতিয়াৰে পৰা পঙ্গু হৈ ঘৰত বিছনাত পৰি থাকে | পৰবৰ্তী সময়ত যুৱক জনৰ কাষ চাপে মাৰোৱাৰী যুৱ মঞ্চই | মঞ্চই যুৱক জনক যোৱা ২৬ অক্টোবৰত পশ্চিম বংগ ৰাজ্যৰ শিলিগুৰি ন্যাশনাল ফাউণ্ডেচন বিকলাংগ কেন্দ্ৰত ভৰ্তি কৰে | কেন্দ্ৰটোত চিকিৎসা প্ৰদান কৰি যুৱক জনক সম্পূৰ্ণ সুস্থ কৰি তোলাৰ লগতে সংস্থাপন কৰে কৃত্ৰিম ভৰি | সম্পুৰ্ণ বিনামুলীয়াকৈ কৃত্ৰিম ভৰি সংস্থাপন কৰি যুৱক জনে মঙ্গলবাৰে সন্ধিয়াৰ ভাগত শিলিগুৰিৰ পৰা আহি নিজ বাসগৃহত উপস্থিত হয় | এতিয়া যুৱক জনে আন দহ জনৰ খোজত খোজ মিলাই চলিবলৈ সক্ষম হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে |
ইফালে পেঞ্চনৰ যৎসামান্য টকাৰে পৰিয়ালৰ ভোৰন পোষন দিয়া সুৰজিতৰ বৃদ্ধ পিতৃয়ে বিকলাঙ্গৰ বাবে সুৰক্ষিত আঁচনিত এটা চৰতাৰী চাকৰি প্ৰদান কৰিবলৈ চৰকাৰক আবেদন জনাইছে |Conclusion:Bite 1. সুৰজিৎ শীল ,
2. সুৰজিতৰ পিতৃ,
3 সুৰজ মল জৈন, মাৰোৱাৰী যুৱ মঞ্চৰ কৰ্মী,
পশ্চিম বিলাসীপাৰা পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.