কোকৰাঝাৰ,4জুলাইঃ কোকৰাঝাৰ জিলাত পুনৰ সাংবাদিকৰ মটৰচাইকেল চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চহৰখনত আৰক্ষীৰ তহল অব্যাহত থকাৰ সময়তে শনিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সন্মুখৰ পৰাই সাংবাদিকৰ বাইক চুৰি কৰি উধাও হয় চোৰ ৷
উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ মাজ মজিয়াৰ অভাৰব্ৰীজৰ কাষতে থকা কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সন্মুখৰ পৰা শনিবাৰে বিয়লি সাংবাদিক ফৰ্দান বসুমতাৰীৰ AS ২৬A ৪০৫৪ নম্বৰৰ নীলা ৰঙৰ ১৮০ পালছাৰ বাইকখন চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত সাংবাদিকমেল চলি থকাৰ সময়তে এনেদৰে প্ৰেছ ক্লাৱৰ সন্মুখৰ পৰাই সাংবাদিকৰ বাইক চুৰি হোৱা ঘটনাই আৰক্ষীৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে ৷ মনকৰিবলগীয়া এয়ে যে, কিছুদিন আগতে কোকৰাঝাৰৰ প্ৰাগ নিউজৰ সাংবাদিক ৰবিৰাম বৰগয়াৰীৰো ক‘লা ৰঙৰ এখন বাইক কোকৰাঝাৰ চহৰৰ পৰাই চুৰি হৈছিল বুলি সাংবাদিক জনে উল্লেখ কৰে ৷ ইপিনে কোকৰাঝাৰ চহৰত দীৰ্ঘদিন ধৰি বাইক চুৰি কৰি সৰ্বসাধাৰণ ৰাইজকো জলাকলা খুৱাই আহিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ নলবাৰীত মীনপালকৰ সফলতা