ETV Bharat / state

কোকৰাঝাৰত ৰঙালী বিহু আৰু ৰংজালী বৈশাগু উৎসৱৰ আয়োজন - অসম ভিত্তিক মুকলি বিহুৰ প্ৰতিযোগিতা

কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় 63 সংখ্যক ৰঙালী বিহু আৰু ৰংজালী বৈশাগু ৷ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি শনিবাৰে সন্ধিয়া অসম ভিত্তিক মুকলি বিহুৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

Bihu Celebration at Kokrajhar
কোকৰাঝাৰত ৰঙালী বিহু আৰু ৰংজালী বৈশাগু উৎসৱৰ আয়োজন
author img

By

Published : Apr 18, 2021, 6:38 AM IST

কোকৰাঝাৰ, ১৭ এপ্ৰিল : ৰঙালী বিহুক লৈ সম্প্ৰতি ৰাজ্যজুৰি পাৰভঙা উছাহ ৷ বিটিআৰৰ সদৰ কোকৰাঝাৰ ইয়াৰ ব্যতিক্ৰম নহয় ৷ কোকৰাঝাৰত শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে 63 সংখ্যক ৰঙালী বিহু আৰু ৰংজালী বৈশাগু ৷ কোকৰাঝাৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা হৈছে 63 সংখ্যক ৰঙালী বিহু তথা ৰংজালী বৈশাগু উৎসৱ ৷ এই উপলক্ষে শনিবাৰে "ৰঙালী বিহু" আৰু "ৰংজালী বৈশাগু"ৰ দুখনকৈ পতাকা একেলগে উত্তোলনেৰে বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সৰ্ৱেশ্বৰ বসুমতাৰী আৰু মুকুট বৰ্মনে ৷

Bihu Celebration at Kokrajhar
কোকৰাঝাৰত ৰঙালী বিহু আৰু ৰংজালী বৈশাগু উৎসৱৰ আয়োজন

প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি শনিবাৰে সন্ধিয়া অসম ভিত্তিক মুকলি বিহুৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও বিহুৱা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উপাযুক্ত ভাস্কৰ ফুকনে ৷ ইফালে, অনুষ্ঠানৰ লগত সংগতি ৰাখি কোকৰাঝাৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে প্ৰতিবছৰৰ দৰে এইবেলিও কোকৰাঝাৰৰ তেৰজনকৈ জ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী আৰু শিল্পীক একোখনকৈ ফুলাম গামোছা আৰু জাপিৰে সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা লাভ কৰা বিশিষ্ট ব্যক্তিসকল হ’ল ক্ৰমে কোকৰাঝাৰ চহৰৰ কিষান লাল নাহাটা, সুনীল জৈন, মালচান্দ ভুৰা, প্ৰেমচান্দ ঝা, সৰ্বেশ্বৰ বসুমতাৰী, ভুৱনেশ্বৰ ব্ৰহ্ম, দিলীপ ভট্টাচাৰ্য, সজল সেনগুপ্ত, দুৰ্বাসা ৰায়, মুকুট বৰ্মন, কুমাৰেশ চক্ৰৱৰ্তী, ধনন নাথ আৰু ধৰ্মেশ্বৰ মজুমদাৰ ৷

লগতে পঢ়ক : কৰ’ণাত মৃত্যু হোৱা তিনি শতাধিকক সৎকাৰ ভূতনাথ শ্মশানত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.