ETV Bharat / state

Bhumi Mela in Kokrajhar: 10 দিনৰ বাবে কোকৰাঝাৰত ভূমি মেলা আৰম্ভ

author img

By

Published : Dec 13, 2022, 6:16 PM IST

মঙলবাৰৰ পৰা 22 ডিচেম্বৰলৈকে কোকৰাঝাৰত আৰম্ভ হৈছে ভূমি মেলা ৷ কোকৰাঝাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত আৰম্ভ হোৱা এই মেলাত মাটি-বাৰী সম্পৰ্কীয় 6 টা বিষয় নিষ্পত্তি কৰা হ’ব (Bhumi Mela in Kokrajhar)৷

10 দিনৰ বাবে কোকৰাঝাৰত ভূমি মেলা আৰম্ভ
10 দিনৰ বাবে কোকৰাঝাৰত ভূমি মেলা আৰম্ভ

কোকৰাঝাৰ, ১৩ ডিচেম্বৰ : কোকৰাঝাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত মঙলবাৰৰ পৰা আৰম্ভ হৈছে ভূমি মেলা ৷ বিটিআৰৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এই ভূমি মেলা (Bhumi Mela in Kokrajhar)৷

Bhumi Mela in Kokrajhar
10 দিনৰ বাবে কোকৰাঝাৰত ভূমি মেলা আৰম্ভ

কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰাহুল ফুকনৰ(Kokrajhar circle officer) তত্বাৱধানত মঙলবাৰৰ পৰা 22 ডিচেম্বৰলৈকে ৰাজহ চক্ৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাইজৰ মাটি-বাৰী সংক্ৰান্তত নামজাৰি আৰু উত্তৰাধিকাৰী সূত্ৰে বিভিন্ন ছটা বিষয়ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হৈছে এই ভূমি মেলা ৷ উল্লেখ্য যে, কোকৰাঝাৰত ভূমি মেলাৰ যোগেদি একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন, উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, আৱন্টিত মাটি, এম এন পি আৱন্টিত মাটিৰ পট্টা, মাটি থকাৰ প্ৰমাণপত্ৰ, চিটাৰ প্ৰমাণিত প্ৰতিলিপি আৰু জমাবন্দীৰ প্ৰমাণিত প্ৰতিলিপি প্ৰদান কৰা হ’ব ৷

Bhumi Mela in Kokrajhar
10 দিনৰ বাবে কোকৰাঝাৰত ভূমি মেলা আৰম্ভ

ইপিনে ভূমি মেলাৰ জৰিয়তে মঙলবাৰে কোকৰাঝাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে আঠটা পৰিয়ালক ভূমিৰ জমাবন্দী প্ৰমাণপত্ৰ বিতৰণ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে (Ranjit Basumatary BTR)৷ ৰঞ্জিত বসুমতাৰীয়ে নিজৰ ভাষণত বিটিআৰৰ ১৯ টা ৰাজহ চক্ৰৰ প্ৰায় ৬/৭ লাখ লোকক এই ভূমি মেলাৰ জৰিয়তে মাটি প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব বুলি সদৰী কৰে ৷ মেলাখনে বিটিআৰত বড়ো আৰু অন্যান্য জনগোষ্ঠীৰ মাজত পাৰ্থক্য দূৰ কৰিব বুলিও মন্তব্য কৰে বিটিআৰৰ কাৰ্যবাহীগৰাকীয়ে ৷

লগতে পঢ়ক : Chinese Border Incursions: সীমান্তত চীনা অনুপ্ৰৱেশৰ বাবে কংগ্ৰেছক দোষাৰোপ অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.