কোকৰাঝাৰ, ২৮মাৰ্চ: বিটিআৰ এলেকাত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দললৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে সদৌ বিটিআৰ বাছফৰ সমাজ সেৱা সমিতিয়ে ৷ এই বিষয়ে সদৰি কৰিছে বিটিআৰ বাছফৰ সমাজ সেৱা সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰঞ্জিত বাছফৰে ৷
ৰবিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি বিটিআৰ বাছফৰ সমাজ সেৱা সমিতিৰ সভাপতি ৰঞ্জিত বাছফৰে কয় যে, দীৰ্ঘদিন ধৰি বাছফৰ সমাজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল যদিও পূৰ্বৰ চৰকাৰে সমস্যা সমূহ সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ কিন্তু প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ ইউপিপিএল চৰকাৰে বাছফৰ সমাজৰ সমস্যাসমূহ গুৰুত্ব সহকাৰে লৈছে আৰু সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷
যাৰ পৰিপ্ৰেক্ষিতত বিধানসভা নিৰ্বাচনত বিটিআৰ এলেকাত বাছফৰ সমাজে ইউপিপিএল দলক মুকলি সমৰ্থন আগবঢ়াইছে বুলি সংবাদমেলত সদৰি কৰে বাছফৰ সেৱা সমাজ সমিতিৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে ৷ সংবাদমেলত বিটিআৰ বাছফৰ সমাজ সেৱা সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশাল বাছফৰ, উপসভাপতি দীপক বাছফৰকে ধৰি সমিতিৰ চিৰাং, ওদালগুৰি আৰু বাক্সা জিলাৰ কেইবাগৰাকী নেতৃবৃন্দ উপস্থিত থাকে ৷
লগতে পঢ়ক:৩০ মাৰ্চৰ সন্ধিয়া ৬ বজাত সমাপ্ত কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ