ETV Bharat / state

মূলসুঁতি লৈ এন এল এফ বিৰ 32 জনীয়া দল - প্লাটুন কামাণ্ডাৰ বি হৰফাৰ

পুনৰ মূলসুঁতি লৈ আহিল এন এল এফ বিৰ 32 জনীয়া এটা দল ৷ এন এল এফ বি(NLFB)ৰ প্লাটুন কামাণ্ডাৰ বি হৰফাৰ নেতৃত্বত দেওবাৰে কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ঝাৰবাৰীত ঘন জংঘলৰ পৰা অস্ত্ৰ-শস্ত্ৰ সহ এন এল এফ বিৰ দলটো উপস্থিত হয় ৷

32 NLFB joins mainstream with arms
মূলসুঁতি লৈ এন এল এফ বিৰ 32 জনীয়া দল
author img

By

Published : Aug 8, 2021, 8:52 PM IST

কোকৰাঝাৰ 8 আগষ্ট : কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ঝাৰবাৰীত দেওবাৰে পুনৰ উপস্থিত হ'ল এনএলএফবি(NLFB)ৰ 32 জনীয়া এটা দল । ঘন জংঘলৰ পৰা অস্ত্ৰ-শস্ত্ৰ সহিতে উপস্থিত হয় দলটো । প্লাটুন কামাণ্ডাৰ বি হৰফাৰ নেতৃত্বত মূলসূঁতিলৈ অহা দলটোত এনএলএফবিৰ 32 জন সদস্য আছে । বৰ্তমানলৈকে সৰ্বমুঠ 55 জন এনএলএফবিৰ মুলসূঁতিলৈ আহিল ৷

32 NLFB joins mainstream with arms
মূলসুঁতি লৈ এন এল এফ বিৰ 32 জনীয়া দল

অহা 15 আগষ্টৰ পূৰ্বে তথা পৰৱৰ্তী পৰ্যায়ত পুনৰ আন সদস্যসকল মূল সূঁতিলৈ আহিব বুলি মন্তব্য কৰিছে এনএলএফবিৰ শীৰ্ষ নেতা এম বাথাই । এন এল এফ বি সদস্যসকল মুলসূঁতিলৈ ঘূৰি অহাৰ পিছত স্থানীয় ৰাইজে এনএলএফবি জিন্দাবাদ ধ্বনি দি আদৰণি জনায় । যোৱা 22 জুলাইত ওদালগুৰিত 23 গৰাকী সদস্য মূলসঁতিলৈ অহাৰ পিছত দেওবাৰে পুনৰাই ভাৰত ভূটান সীমান্তৰ ঘন জংঘলৰ পৰা 32 গৰাকী এনএলএফবি সদস্য ৷

কিছুদিন পূৰ্বে এনএলএফবি (NLFB) ৰ মুৰব্বী এম বাথাই সদলবলে ওদালগুৰিত আত্মসমৰ্পন কৰাৰ পিছতে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাক । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাছতে তাৎপৰ্যপূৰ্ণভাৱে উগ্ৰপন্থী নেতাজনে মন্তব্য কৰে যে, তেওঁলোকে আত্মসমৰ্পন কৰা নাই, যুদ্ধবিৰতিহে ঘোষণা কৰিছে । উল্লেখযোগ্য যে, বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্য়ন ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ NLFBৰ মুৰব্বী এম বাথা(M Batha)ই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চিকাৰীডাঙত আত্মসমৰ্পণ (Surrender) কৰে ।

মূলসুঁতি লৈ এন এল এফ বিৰ 32 জনীয়া দল

বাথাৰ সৈতে একেলগে 22 জন কেডাৰেও অসম আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল ৷ আত্মসমৰ্পণকাৰী সকলৰ ভিতৰত অন্যতম কেডাৰ হৈছে দুৰ্ধৰ্ষ নেতা বি বকো ৷ ভাৰত-ভূটানৰ সীমান্তৰে অৰুণাচল প্ৰদেশৰ পৰা চিকাৰীডাঙত উপস্থিত হয় আত্মসমৰ্পণ কৰা এই 23 জন NLFB কেডাৰ ৷ আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষী (Assam Police)ৰ শীৰ্ষ বিষয়া, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (G P Singh), বিধায়ক জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah), মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika) আৰু বিটিআৰ (BTR) চৰকাৰৰ শীৰ্ষ নেতৃত্ব ৷

লগতে পঢ়ক : ক'ভিডত আক্ৰান্ত মন্ত্ৰী অতুল বৰাক জি এম চি এইচত ভৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.