ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাকক্ষণত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

author img

By

Published : Mar 29, 2021, 10:11 PM IST

Updated : Mar 29, 2021, 10:29 PM IST

প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাকক্ষণত কোকৰাঝাৰত পুনৰ উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ ৷ ভাৰত-ভূটান সীমান্তৰ ৰিপু চিৰাং বনাঞ্চলত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা অস্ত্ৰভাণ্ডাৰৰ ভিতৰত আছে তিনিটা এ কে 56 ৰাইফল, তিনিটা এ কে 56 ৰাইফলৰ মেগজিন, 157 জাঁই সজীৱ গুলী, চাউল, কম্বল, প্লাষ্টিক, মিঠা তেল আৰু শুকান খাদ্য আদি ৷ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ খিনি নতুনকৈ আত্মপ্ৰকাশ ঘটা এনএলবি তথা এম বাথা গোটৰ বুলি সন্দেহ প্ৰকাশ ৷

arms recovered in kokrajhar ahead of pm modis arrival in kokrajhar
প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাকক্ষণত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

কোকৰাঝাৰ, 29 মাৰ্চ: ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগমুহূৰ্তত তথা প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাকক্ষণত কোকৰাঝাৰত পুনৰ উদ্ধাৰ হৈছে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ ৷ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুুুুমাৰ ৰিপু চিৰাং বনাঞ্চলত সোমবাৰে পুৱা কোকৰাঝাৰ সদৰ আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

ভাৰত-ভূটান সীমান্তৰ ৰিপু চিৰাং বনাঞ্চলত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা অস্ত্ৰভাণ্ডাৰৰ ভিতৰত তিনিটা এ কে 56 ৰাইফল, তিনিটা এ কে 56 ৰাইফলৰ মেগজিন, 157 জাঁই সজীৱ গুলী, চাউল, কম্বল, প্লাষ্টিক, মিঠা তেল আৰু শুকান খাদ্য আদি আছে বুলি জানিব পৰা গৈছে ৷

সোমবাৰে নিশা কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত বিটিআৰৰ আইজিপিৰ দায়িত্বত থকা বিশেষ ডিজিপি ড৹ এল আৰ বিষ্ণৈয়ে এই বিষয়ে সদৰী কৰি কয় যে, এক গোপন খবৰৰ ভিত্তিত দেওবাৰে নিশা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা আৰু উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথৰ নেতৃত্বত আৰক্ষীৰ এক অভিযানকাৰী দলে জিলাখনৰ শৰাইবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত ৰিপু চিৰাং বনাঞ্চলত অভিযান চলাই ৷

উদ্ধাৰ হোৱা অস্ত্ৰভাণ্ডাৰৰ ভিতৰত আছে তিনিটা এ কে 56 ৰাইফল, তিনিটা এ কে 56 ৰাইফলৰ মেগজিন, 157 জাঁই সজীৱ গুলী

প্ৰায় 12 ঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত অভিযানকাৰী দলে বনাঞ্চলৰ এঠাইত পুতি থোৱা অৱস্থাত উল্লেখিত অস্ত্ৰ-শস্ত্ৰ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সোমবাৰে উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ খিনি নতুনকৈ আত্মপ্ৰকাশ ঘটা এনএলবি তথা এম বাথা গোটৰ বুলি বিষ্ণৈয়ে সন্দেহ প্ৰকাশ কৰে ৷

চাউলৰ লগতে উদ্ধাৰ হৈছে কম্বল, প্লাষ্টিক, মিঠা তেল আৰু শুকান খাদ্য আদি

উক্ত সংবাদমেলতে এম বাথাৰ উপৰিও বকোৰ নেতৃত্বত আন এটা গোটে অৰুণাচলৰ দূৰ্গম অঞ্চলত বাহৰ পাতি থকা বুলি বিষ্ণৈয়ে দাবী উত্থাপন কৰে ৷ সোমবাৰৰ সংবাদমেল খনত জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশন, অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা, উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথ উপস্থিত থাকে ৷ উল্লেখ্য যে, অহা 1 এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোকৰাঝাৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: কাকপথাৰত আৰক্ষীৰ গুণ্ডাগিৰি: আহত নৱম শ্ৰেণীৰ ছাত্ৰ

Last Updated : Mar 29, 2021, 10:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.