কোকৰাঝাৰ,৯ ফেব্ৰুৱাৰী: কোকৰাঝাৰ জিলাৰ বেলগুৰি বনাঞ্চলত সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই পুনৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ বেলগুৰি বনাঞ্চলত মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰখিনিৰ ভিতৰত আছে এ কে 56 ৰাইফল এটা, 7.65 পিষ্টল এটা , এ কে 56 ৰাইফলৰ মেগজিন এটা, 7.56 পিষ্টলৰ মেগজিন এটা আৰু 29 জাঁই সজীব গুলী ৷
কোকৰাঝাৰৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে সদৰী কৰা মতে, এক গোপন খবৰৰ ভিত্তিত সোমবাৰে নিশা 9.30 বজাত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা আৰু উপ-আৰক্ষী অধীক্ষক পুনমজিৎ নাথৰ নেতৃত্বত জিলাখনৰ চেৰফাংগুৰি থানাৰ অন্তৰ্গত বেলগুৰি বনাঞ্চলত এক অভিযান চলোৱা হয় ৷ উক্ত অভিযানতে আৰক্ষীৰ দলটোৱে বেলগুৰি বনাঞ্চলৰ এঠাইত মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় অস্ত্ৰ-শস্ত্ৰ খিনি ৷
লগতে পঢ়কঃ বিলাসীপাৰাত বন বিভাগৰ অভিযান: জব্দ অত্যাধুনিক মেচিন