কোকৰাঝাৰ, 8 ফেব্ৰুৱাৰী: বিটিআৰ অঞ্চলৰ ৬৭৬ খন শিক্ষানুষ্ঠানৰ ২১৬০ গৰাকী শিক্ষক-কৰ্মচাৰীক সোমবাৰে চাকৰি নিয়মীয়াকৰণৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ৷ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিআৰ সচিবালয় পথাৰত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে বিটিআৰৰ চাৰি জিলা ক্ৰমে, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ ২১৬০ গৰাকী শিক্ষক-কৰ্মচাৰীক এই নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ৷
![appointment-letter-distribution-in-btr](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-appointmentletterdistribution-vis-byte-photo-10044_08022021151341_0802f_1612777421_794.jpg)
নিযুক্তি পত্ৰসমূহ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ৷ উল্লেখ্য যে, নিযুক্তিপত্ৰ লাভ কৰা শিক্ষক-কৰ্মচাৰীৰ ভিতৰত প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ১৫৫৯ গৰাকী শিক্ষক, হাইস্কুল, উচ্চতৰ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰীৰ ৪৪৩ গৰাকী শিক্ষক আৰু কলেজ, অনা শিক্ষক পদৰ ১৫৮ গৰাকী আছে ৷
![appointment-letter-distribution-in-btr](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-appointmentletterdistribution-vis-byte-photo-10044_08022021151341_0802f_1612777421_707.jpg)
লগতে পঢ়ক: বিদ্যুৎ সংযোগঃ অনলাইনযোগে কামৰ ব্যৱস্থা কৰিব শক্তি বিভাগে
আনপিনে, নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানৰ অন্তত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত শিক্ষাত অপ্ৰাদেশীকৃত স্কুল সমূহৰ ডাঙৰ অৰিহণা আছে বুলি মন্তব্য কৰি চৰকাৰে পলিচি সলনি কৰি হ’লেও বিটিআৰত ৰৈ যোৱা প্ৰায় ১৩০০ বিদ্যালয় প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে । ইফালে, ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত শিক্ষাখণ্ডত পুনৰাই ভাল খবৰ আহিব পাৰে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । যিসকল আজি নিযুক্তিৰ পৰা বঞ্চিত হৈছে সেইসকলকো পৰ্যায়ক্ৰমে নিযুক্তি দিয়া হ'ব বুলি বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে সাংবাদিকৰ আগত কয় ৷
ইপিনে, নিযুক্তি লাভ নকৰা একাংশ শিক্ষক ক্ষোভিত হৈ অস্তিত্বহীন বিদ্যালয় প্ৰাদেশীকৰণ হোৱাৰ বিপৰীতে তেওঁলোকে বিগত দহ বছৰ কাম কৰাৰ পিছতো প্ৰাদেশীকৰণ নোহোৱাত তেওঁলোকৰ জীৱন ধ্বংস হোৱা বুলি বুলি মন্তব্য কৰি ২০ ফেব্ৰুৱাৰীৰ ভিতৰত নিযুক্তি দিবলৈ দাবী উত্থাপন কৰিছে । উল্লেখ্য যে, নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানত বিটিআৰৰ প্ৰায় সংখ্যক কাৰ্যবাহী সদস্য, বিটিআৰৰ প্ৰধান সচিব অনন্তলাল জ্ঞানী আৰু বিটিআৰৰ শিক্ষা বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷
![appointment-letter-distribution-in-btr](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-appointmentletterdistribution-vis-byte-photo-10044_08022021151341_0802f_1612777421_511.jpg)
লগতে পঢ়ক : ভোজভাত আয়োজনেৰে নিৰ্বাচনী ৰণশিঙা পদ্ম হাজৰিকাৰ