কোকৰাঝাৰ, 12 এপ্ৰিলঃ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিত ক্ৰমাৎ তীব্ৰ হৈ পৰিছে ইউ পি পি এল দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ হৈ প্ৰচাৰত নামিল বড়ো ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰী অঞ্জলী দৈমাৰী ৷ পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ জীৱনত প্ৰথমবাৰৰ বাবে কোনো ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰা বুলি অৱগত কৰে অঞ্জলী দৈমাৰীয়ে ৷ সভাত ভাষণ দি অঞ্জলী দৈমাৰীয়ে ইউ পি পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মক ভোট দিবলৈ আহ্বান জনায় ৷ আনহাতে নিৰ্বাচনী সভাত অংশ লৈ অঞ্জলী দৈমাৰীয়ে এতোলা সোণৰ বাবে বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীয়ে মহিলাসকলক লৈ কৰা মন্তব্য অতি নিকৃষ্ট আৰু লজ্জাজনক বুলি উল্লেখ কৰে ৷
ইপিনে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা এবছুৰ সভাপতি প্ৰমোদ বড়োৱে হাগ্ৰামাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ বড়োলেণ্ড শব্দটো হাগ্ৰামাই মাৰ্কেটিং কৰাৰ অভিযোগ কৰি প্ৰমোদ বড়োৱে কয় হাগ্ৰামাই নহয় নৱ কুমাৰ শৰণীয়াও বড়োলেণ্ড শব্দটোৰে ৰাজনীতি কৰি আহিছে ৷ আনহাতে মন্ত্ৰী চন্দন ব্ৰহ্মই প্ৰমোদ বড়োক বেপাৰী আখ্যা দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে সংবাদ কাকতৰ শিৰোনাম কোনে দখল কৰিছে ৷ দুৰ্নীতিৰ বাতৰি মোৰ বিৰুদ্ধে ওলোৱা নাই বুলি কটাক্ষ কৰে বড়োৱে ৷ চন্দন ব্ৰহ্ম আৰু দুৰ্নীতি এটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে,শুকুৰবাৰে বাক্সা জিলাৰ হাতীৰ টাৰীৰ উপৰিও নয়াবস্তিত অনুষ্ঠিত ইউ পি পি এল নিৰ্বাচনী সভাত প্ৰমোদ বড়ো, অঞ্জলী দৈমাৰীয়ে অংশগ্ৰহণ কৰি ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আহ্বান জনায় ৰাইজক ৷