কোকৰাঝাৰ, ২৬ ডিচেম্বৰ: কোকৰাঝাৰত অনুষ্ঠিত হ’ব বড়োলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ (Bodoland Taekwondo Championship) ৷ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত চিকনাঝাৰ টাইকোৱাণ্ডো জিমনাচিয়ামত (Chiknajhar Taekwondo Gymnasium) অহা ২৭ ডিচেম্বৰ পৰা ২৯ তাৰিখলৈ তিনিদিনীয়াকৈ কাৰ্যসূচীৰে ২৮ তম " Kyorugi আৰু ৯ তম Poomsae" বডোলেণ্ড টাইকোৱাণ্ডোচেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷
উল্লেখ্য যে, সদৌ বডোলেণ্ড টাইকোৱাণ্ডো সন্থাৰ (All Bodoland Taekwondo Association) উদ্যোগত আৰু কোকৰাঝাৰ জিলা বড়োলেণ্ড টাইকোৱাণ্ডো সন্থাৰ (Kokrajhar Bodoland Taekwondo Association) সহযোগত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন ৷ প্ৰতিযোগিতাখনত বি টি আৰৰ পাঁচখন জিলাৰ লগতে অসম, মেঘালয়, দাৰ্জিলিং আৰু ছিকিমৰ পৰা প্ৰায় ছয় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিৰ আহ্বায়ক সত্যজিৎ ব্ৰহ্মই সদৰী কৰিছে ৷
লগতে পঢ়ক: Football Coaching in Jorhat : যোৰহাটত ফুটবল প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ
কাইলৈ অৰ্থাৎ ২৭ ডিচেম্বৰত বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলৰ পঞ্জীয়ন কৰা হ’ব আৰু ২৮ ডিচেম্বৰৰ পৰা প্ৰতিযোগিতা আৰম্ভ হ’ব ৷ ২৮ ডিচেম্বৰত পুৱা পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিব অসম বিধান সভাৰ অধ্যক্ষ তথা বডোলেণ্ড টাইকোৱাণ্ডো সন্থাৰ সভাপতি বিশ্বজিৎ দৈমাৰীয়ে (Assam Assembly Speaker Biswajit Daimary) ৷
ইপিনে শ্বহীদ তৰ্পণ কৰিব আয়োজক সমিতিৰ অধ্যক্ষ যুবিৰাজ বসুমতাৰী, মেচকোৰ্ট উন্মোচন কৰিব বিধায়ক লৰেন্স ইছলাৰী আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ৷ উল্লেখ্য যে, টাইকোৱাণ্ডোৰ দুটা শ্ৰেণীত অনুষ্ঠিত হ’ব লগা তিনিদিনীয়া প্ৰতিযোগিতাখনৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে বুলি জানিব দিয়ে আয়োজক সমিতিয়ে ৷
লগতে পঢ়ক: Santosh Trophy 2022: কোকৰাঝাৰত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি