ETV Bharat / state

কোকৰাঝাৰত আক্ৰাছুৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - শ্বহীদ বেদী

বুধবাৰে কোকৰাঝাৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰ দিমলগাঁৱত এদিনীয়া কাৰ্যসূচীৰে 30 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ আনফালে,সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত 30 সংখ্যক আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস সুন্দৰীত অৱস্থিত চিৰাং জিলা আক্ৰাছু কাৰ্যালয়ত উদযাপন কৰা হয় ।

AKRASU FOUNDATION DAY CELEBREATION AT KOKRAJHAR
কোকৰাঝাৰত অনুষ্টুপীয়াকৈ আক্ৰাছুৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By

Published : Jul 29, 2020, 9:03 PM IST

কোকৰাঝাৰ, ২৯ জুলাই : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ সময়তে বুধবাৰে কোকৰাঝাৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰ দিমলগাঁৱত এদিনীয়া কাৰ্যসূচীৰে 30 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷

কোকৰাঝাৰত অনুষ্টুপীয়াকৈ আক্ৰাছুৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে আক্ৰাছুৰ জিলা সভাপতি উত্তম ৰায়ে আৰু শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে ৰাজকুমাৰ ৰায়ে । আনহাতে,ৰাজবংশী জনগোষ্ঠীৰ সমস্যাক লৈ ছাত্ৰ সংগঠন আক্ৰাছুৰ জন্ম হৈছিল কিন্তু কোনো চৰকাৰে ৰাজবংশী জনগোষ্ঠীটোৰ দাবী পূৰণ কৰা নাই বুলিও অভিযোগ প্ৰদান কৰে জিলা সভাপতি উত্তম ৰায়ে ৷

আনফালে,সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত 30 সংখ্যক আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস সুন্দৰীত অৱস্থিত চিৰাং জিলা আক্ৰাছু কাৰ্যালয়ত উদযাপন কৰা হয় । কেন্দ্ৰীয় সমিতিৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি কৰ্মেশ্বৰ ৰায়ৰ লগতে চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে চিলাৰায় সেনাৰ উপ সেনাধ্যক্ষ দ্বীপজ্যোতি ৰায় চৌধুৰীয়ে ৷ একেদৰে শ্বহীদ বেদীত মাল্যৰ্পণ কৰে আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে ।

লগতে পঢ়ক : ৰাজ্যৰ বিপদৰ সময়ত আদৰ্শ দেখুৱাইছে টীয়কৰ এটা সমন্বয় গোটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.