ETV Bharat / state

প্ৰধানমন্ত্ৰীক তোষামোদ কৰিবলৈ জিগনেশক গ্ৰেপ্তাৰ কৰাইছে মুখ্যমন্ত্ৰীয়ে : অখিল গগৈ

author img

By

Published : Apr 22, 2022, 9:52 PM IST

লকআপত জিগনেশ (Jignesh Mevani in lockup) ৷ থানাৰ সন্মুখতে কংগ্ৰেছ নেতা-কৰ্মী-সমৰ্থকৰ প্ৰতিবাদ ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক তোষামোদ কৰিবলৈ আৰু আৰএছএছৰ ওচৰত নিজৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ জিগনেশক গ্ৰেপ্তাৰ কৰিছে বুলি দাবী অখিল গগৈৰ ৷

akhil gogoi on  political motive behind Jignesh's arrest
প্ৰধানমন্ত্ৰীক তোষামোদ কৰিবলৈ জিগনেশক গ্ৰেপ্তাৰ কৰাইছে মুখ্যমন্ত্ৰীয়ে : অখিল গগৈ

কোকৰাঝাৰ, ২২ এপ্ৰিল : এটা টুইটক কেন্দ্ৰ গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰক লৈ শুকুৰবাৰৰ দিনটোতো উত্তাল হৈ আছে কোকৰাঝাৰ (Protest against arrest of Jignesh Mevani) ৷ কোকৰাঝাৰত শুকুৰবাৰে জিগনেশক সাক্ষাৎ কৰিবলৈ উপস্থিত হৈছে বিধায়ক অখিল গগৈ, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আদিকে ধৰি বিৰোধী দলৰ নেতা সকল ।

কোকৰাঝাৰ সদৰ থানাত সাক্ষাৎ কৰিবলৈ অহা নেতা-কৰ্মীসকলক জিলা প্ৰশাসনে সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান নকৰাত থানাৰ সন্মুখতে উপস্থিত হৈ তেওঁলোকে বিজেপি-আৰএছএছ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা হৈছে (Akhil Gogoi on political motive behind Jignesh's arrest ) বুলি মন্তব্য কৰে ৷ এই গ্ৰেপ্তাৰ কাৰ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এক দৃষ্টি আকৰ্ষণ কৰা প্ৰক্ৰিয়া বুলিও মন্তব্য কৰিছে অখিল গগৈয়ে ।

গুজৰাটৰ সমাগত নিৰ্বাচনৰ পূৰ্বে গ্ৰেপ্তাৰ কৰি নেতাজনৰ সময় অপচয় কৰাৰ লগতে ৰাজনৈতিক ষড়যন্ত্ৰৰ কৰা হৈছে বুলি ক্ষোভ ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক তোষামোদ কৰিবলৈ গুজৰাটত বৰষুণ দিয়াৰ লগে লগে অসমত ছাতি মেলি ধৰিছে বুলি মন্তব্য কৰে গগৈয়ে ।

প্ৰধানমন্ত্ৰীক তোষামোদৰ লগতে আৰএছএছৰ ওচৰত নিজৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷ ইয়াৰোপৰি অনতিপলমে দলিত নেতা তথা বিধায়ক জিগনেশ মেৱানীক বিনাচৰ্তে মুক্তি দিবলৈ দাবী জনাই ইয়াৰ অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুমকি প্ৰদান কৰিছে অখিল গগৈয়ে ।

ইপিনে কোকৰাঝাৰ থানা চৌহদত অসম প্ৰদেশ কংগ্ৰেছৰ এটি প্ৰতিনিধিৰ দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ থানাৰ সন্মুখত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা প্ৰকাশ কৰিছে । তদুপৰি বিধায়কগৰাকীক সাক্ষাৎ কৰিব নিদিয়া কাৰ্যক গৰিহণা দি তেনে এটা সাধাৰণ টুইটৰ বাবে গ্ৰেপ্তাৰ কৰিব ধৰিলে অসমৰ বহু ব্যক্তি, বিধায়কক গ্ৰেপ্তাৰ কৰিব লাগিব বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : জিগনেশক গ্ৰেপ্তাৰ কৰাতকৈ আৰক্ষীক নাৰী নিৰ্যাতনৰ গোচৰত গুৰুত্ব দিয়াৰ পৰামৰ্শ বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.