কোকৰাঝাৰ,27 ফেব্ৰুৱাৰীঃ কোকৰাঝাৰ চহৰত অব্যাহত আছে তীব্ৰবেগী ট্ৰেক্টৰৰ দৌৰাত্ম্য ৷ দীৰ্ঘদিন ধৰি চহৰখনত অবাধ গতিত চলা ট্ৰেক্টৰে সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা খুৱাই থকাৰ কথা জানিব পৰা গৈছে ৷ এনে সময়তে বৃহস্পতিবাৰে চহৰৰখনৰ ভাতাৰমাৰীত এগৰাকী মহিলাক তীব্ৰবেগী ট্ৰেক্টৰে খুন্দিওৱাৰ ফলত থিতাতে মৃত্যুমুখত পৰে মহিলাগৰাকী ৷ মৃত মহিলাগৰাকী চহৰখনৰ শান্তিনগৰ নিবাসী তুষাৰকান্তি মুখাৰ্জীৰ পত্নী ময়ুৰী গগৈ মুখাৰ্জী(৩৬) ৷
![accident at kokrajhar by tractore died lady latest news assam etv bhart news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-koj-accident-04-photo-7204384_27022020173345_2702f_1582805025_1091.jpg)
প্ৰাপ্ত খবৰ অনুসৰি,পুৱা প্ৰায় ১০ বজাত মহিলাগৰাকীয়ে স্কুটি লৈ চহৰখনৰ ভাতাৰমাৰী দিশে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এ এছ ১৬ চি ৪৯৫৫ নম্বৰৰ তীব্ৰবেগী ট্ৰেক্টৰখনে স্কুটিখন মহতিয়াই নিয়ে ৷ ফলত মুত্যুমুখত পৰে ময়ুৰী গগৈ মুখাৰ্জী নামৰ মহিলাগৰাকী ৷ আৰক্ষীয়ে ইতিমধ্যে ট্ৰেক্টৰখনৰ চালক সুনীল ব্ৰহ্ম(৩২)ক ঘটনা সন্দৰ্ভত আটক কৰিছে ৷ উল্লেখ্য যে,কোকৰাঝাৰ চহৰৰ শান্তিনগৰৰ 'ময়ুৰী বিউটি পাৰ্লাৰ'ৰ স্বত্ত্বাধিকাৰী ময়ুৰী গগৈ মুখাৰ্জীৰ আকস্মিক মৃত্যুত চহৰখনত শোকৰ ছাঁ পৰে ৷
লগতে চাওকঃঅসমৰ কৃষিভূমি পৰিদৰ্শন কৰিলে জাৰ্মানৰ উন্নয়ন মন্ত্ৰী ডাঃ গেৰ্ড মুলাৰে