ETV Bharat / state

Allegation against BU VC: BUৰ উপাচাৰ্যৰ বিৰুদ্ধে তদন্ত সমিতি গঠনক আদৰণি এবছুৰ

author img

By

Published : Jul 27, 2023, 8:01 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে তদন্ত সমিতি গঠন ৷ এবছুৰ সভাপতি দ্বীপেন বড়োৰ আদৰণি ৷ নিকা তদন্তৰ স্বাৰ্থত নিলম্বিত কৰক উপাচাৰ্যক ৷ তদন্তৰ পিছত উপাচাৰ্যক বৰ্খাস্তৰ দাবী এবছুৰ ৷

Inquiry committee formed against BUVC
এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো
এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো

কোকৰাঝাৰ ২৭ জুলাই: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থাক লৈ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক তলব কৰি ৰাজভৱনত আলোচনাৰ পিছতে তদন্ত সমিতি গঠন কৰা কাৰ্যক এবছুৱে আদৰণি জনাইছে । বৃহস্পতিবাৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে এই সন্দৰ্ভত কয় যে দুৰ্নীতিৰ গোচৰত লিপ্ত থকা তথা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই উপাচাৰ্যৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখাৰ পিছত অকৰ্মন্য ,অপদাৰ্থ লাইশ্ৰাম লাড্ডু সিং বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য পদত থকাৰ কোনো যুক্তি নাই ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত হোৱা দূৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত গঠিত তিনিজনীয়া তদন্ত সমিতিক আদৰণি জনাই এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই তদন্ত সমিতিক দূৰ্নীতিৰ সকলো তথ্য পাতি জমা দিয়া হ'ব বুলি সদৰী কৰিছে । তদুপৰি তদন্ত নিকা হোৱাৰ স্বাৰ্থত এবছুই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক নিলম্বিত কৰাৰ দাবী উত্থাপন কৰে । তেওঁ লগতে তদন্তৰ পিছত উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক বৰ্খাস্ত কৰিবলৈও দাবী জনাইছে ।

উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে নিৰ্মাণ কাৰ্যৰ অনিয়ম আৰু নিযুক্তি সৰ্ম্পকীয় অনিয়ম আদিকে ধৰি আন কেইবাটাও বিষয়ত দূৰ্নীতি কৰা বুলি এবছুই অভিযোগ উত্থাপন কৰি উপাচাৰ্যৰ অপসাৰণৰ দাবীত ইতিপূৰ্বে এলানি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিছিল ।

উল্লেখ্য যে উপাচাৰ্য সিঙৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বিত্তীয় অনিয়মৰ লগতে নিযুক্তিৰ ক্ষেত্ৰতো অনিয়মৰ অভিযোগ আছে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগত ২০২২ চনৰ ৩ আগষ্টতে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই নিৰ্মাণকাৰ্য আৰু নিযুক্তি সম্পৰ্কীয় নখনকৈ গুৰুত্বপূৰ্ণ ফাইল জব্দ কৰিছিল ৷

লগতে পঢ়ক:ABSU PROTEST: বড়োলেণ্ড বিঃবিঃৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.