ETV Bharat / state

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে কোকৰাঝাৰত বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল - মহাবিদ্যালয়

কোকৰাঝাৰত সদৌ অসম বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰীক্ষাক কেন্দ্ৰ কৰি আয়োজন এই সংবাদমেল ৷ 8 অক্টোবৰত আন্দোলনৰ হুংকাৰ সংগঠনটোৰ ৷

ABSU warns to take democratic agitation in Bodoland University
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে কোকৰাঝাৰত বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল
author img

By

Published : Oct 7, 2020, 5:16 PM IST

কোকৰাঝাৰ, 7 অক্টোবৰ : বডোলেণ্ড বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ ষষ্ঠ ষান্মাসিকৰ শিক্ষাৰ্থী সকলক 50 শতাংশ পাঠ্যক্ৰম ৰেহাই দিয়াৰ বাবে বুধবাৰে সদৌ অসম বড়ো ছাত্ৰ সন্থাই বড়োলেণ্ড বিশ্ববিদ্যালয়ত সৰ্বাত্মক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ বুধবাৰে কোকৰাঝাৰৰ বোডোফা হাউছত এখন সংবাদমেল আয়োজন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে ৷

উক্ত সংবাদমেলত ABSU ৰ শিক্ষা সচিব কস্তোম বসুমতাৰীয়ে ৰাজ্যত চলি থকা ক'ভিড-19 মহামাৰীৰ সময়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ ষষ্ঠ ষান্মাসিকৰ শিক্ষাৰ্থীসকলৰ বাবে 50 শতাংশ পাঠ্যক্ৰম ৰেহাই দিয়াৰ দাবী জনাই ৷

লগতে পঢ়ক : পৃথক পতাকা নাকচ কৰি কেন্দ্ৰই চূড়ান্ত কৰিলে নাগা শান্তি চুক্তিৰ খচৰা

তেওঁ পুনৰ কয় যে,ক'ভিড-19 ৰ বাবে বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ শ্ৰেণী সমূহ অনুষ্ঠিত হোৱা নাছিল তেনেক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি পৰীক্ষাত বহাটো সম্ভৱপৰ নহয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়ে যদি ছাত্ৰ-ছাত্ৰীক 50 শতাংশ পাঠ্যক্ৰম ৰেহাই দিব পাৰে তেতিয়াহ'লে বড়োলেণ্ড বিশ্ববিদ্যালয়ে কিয় ৰেহাই দিব নোৱাৰে বুলি সংবাদমেলত প্ৰশ্নৰ উত্থাপন কৰে ৷

ইফালে,যদিহে সংগঠনটোৰ দাবী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মানি নলয় তেতিয়াহ'লে 8 অক্টোবৰত বিশ্ববিদ্যালয়ৰ সন্মুখত এক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : অপৰাধ অনুসন্ধান শাখাৰ জিম্মাত পিকে দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.