কোকৰাঝাৰ, ৩১ ডিচেম্বৰ : ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সমষ্টি পুনৰ গঠনৰ ক্ষেত্ৰত ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে (Constituency reschedule in Assam)। ইফালে চৰকাৰৰ এই পদক্ষেপক লৈ বিৰোধী দল আৰু বিভিন্ন সংগঠনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিভিন্ন মহলত বিবাদ চলি থকাৰ মাজতে এইবাৰ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
জনজাতিৰ বাবে সংৰক্ষিত আসন বিলোপ কৰা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু প্ৰয়োজন হ'লে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলনৰ লগতে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও এবছুৱে হুংকাৰ দিয়ে । শুকুৰবাৰে এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত আয়োজিত এক সংবাদমেলত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা অনুসৰি কোকৰাঝাৰ লোকসভা সমষ্টিটো অসংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে (ABSU reacts over constituency delimitation)।
ভাৰত স্বাধীন হোৱাৰ দিনৰে পৰা কোকৰাঝাৰৰ লোকসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষিত আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা অনুসৰি উক্ত আসনখন অসংৰক্ষিত কৰাৰ যি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এবছুৱে সেয়া কেতিয়াও মানি নলয় আৰু বিটিআৰ এলেকাৰ বড়ো ৰাইজেও সেয়া কাহানিও মানি নলয় । ২০০১ চনৰ লোকপিয়ল অনুসৰি আৰু ২০০৮ বৰ্ষৰ প্ৰকাশিত প্ৰস্তাৱিত খচৰা অনুসৰি জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা আসনখন অসংৰক্ষিত কৰিলে এবছুৱে হাত সাৱটি বহি নাথাকে আৰু প্ৰয়োজন হ'লে এবছুৱে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব আৰু ইয়াৰ সমান্তৰালভাৱে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও এবছুৱে হুংকাৰ প্ৰদান কৰে ।
এবছুৱে জনজাতিৰ বাবে সংৰক্ষিত আসন খাৰিজ কৰাক লৈ কোনোপধ্যেই আপোচ নকৰে বুলিও উল্লেখ কৰি বিটিআৰৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা বিধানসভা আৰু লোকসভাৰ আসনসমূহ জনজাতিৰ বাবে সংৰক্ষিত কৰিব লাগে বুলি এবছুৱে দাবী উত্থাপন কৰিছে । তদুপৰি নতুনকৈ গঠিত হ'ব লগা ওদালগুৰি লোকসভা সমষ্টিও জনজাতিৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰিছে এবছুৱে ।
সংবাদমেলত এবছুৰ সভাপতি দ্বীপেন বড়োই ক্ষোভ প্ৰকাশ কৰি কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ অবৈধ দখলৰ বাবেহে সমষ্টিটোত অজনজাতীয় লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । ইফালে বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলেও সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে (Oppositions on constituency delimitation)। সৰ্বদলীয় বৈঠক অনুষ্ঠিত নকৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাক লৈ বিৰোধীয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ।
লগতে পঢ়ক :Constituency delimitation in Assam: বিটিআৰত সমষ্টি কৰ্তন হোৱাকলৈ চিন্তিত নহয় ইউ জি ব্ৰহ্ম