ETV Bharat / state

হাগ্ৰামা মহিলাৰীয়ে আবোল-তাবোল বকিছেঃ প্ৰমোদ বড়ো

author img

By

Published : Mar 28, 2019, 6:31 AM IST

হাগ্ৰামা মহিলাৰীৰ অতীত খুঁচৰিলে বহুত কিবাকিবি ওলাব। অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৰ ৷

মুছলপুৰত হাগ্ৰামাৰ বিৰুদ্ধে সৰৱ এবছুৰ সভাপতি প্ৰমোদ বড়ো

বৰমা ২৭ মাৰ্চঃ কোনো ইছ্যু নাই বাবে হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক টাৰ্গেট কৰি লৈছে বুলি অভিযোগ প্ৰমোদ বড়োৰ ৷ এবছুৰ সভাপতিগৰাকীয়ে কয় যে হাগ্ৰামা মহিলাৰীয়ে এবছু অথবা প্ৰমোদ বড়োক গালি পাৰি কোনো লাভ নাই।ইয়াৰ দ্বাৰা সমাজ বা হাগ্ৰামাৰ কোনো লাভ নহয় ৷ কাৰণ প্ৰমোদ বড়োৰ কোনো দীঘলীয়া অতীত নাই ৷ কিন্তু হাগ্ৰামা মহিলাৰীৰ অতীত খুঁচৰিলে বহুত কিবাকিবি ওলাব।

মুছলপুৰত হাগ্ৰামাৰ বিৰুদ্ধে সৰৱ এবছুৰ সভাপতি প্ৰমোদ বড়ো

মুছলপুৰত এক সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে এন ডি এফ বি (প্ৰ)ৰ সৈতে লগলাগি এবছুৱে শাল গছ কাটি নিৰ্বাচনৰ বাবে টকা সংগ্ৰহ কৰা বুলি যি অভিযোগ আনিছে সেয়া হাস্যকৰ আৰু ভিত্তিহীন বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ বড়োৱে ওলোটাই হাগ্ৰামা মহিলাৰীয়েহেএকাংশ সহযোগীৰলগত অবৈধভাৱে বি টি এ ডিৰ বিভিন্ন অঞ্চলত কাঠ মিল, শিল ভঙা মিল চলাই আছে বুলি অভিযোগ কৰে । তেওঁ লগতে কয় যে হাগ্ৰামা মহিলাৰীয়ে জনসমাজত এবছুক হেয় প্ৰতিপন্ন কৰাৰ বাবে আবোল-তাবোল বকিছে ৷ ৰাজনীতিৰ বাবে সমাজক বিপথে পৰিচালিত কৰিবলৈ প্ৰমোদ বড়ো আৰু এবছুক টাৰ্গেট কৰি লৈছে ৷ কিন্তু ইয়াৰ দ্বাৰা হাগ্ৰামাৰ কোনো লাভ নহ'ব ৷ প্ৰমোদ বড়োক গালি পাৰিলে হাগ্ৰামাৰ এটা ভোটও নাবাঢ়ে বুলি কয় এবছুৰ সভাপতিগৰাকীয়ে ৷

Intro:মুছলপুৰত হাগ্ৰামাৰ বিৰুদ্ধে সৰৱ এবছুৰ সভাপতি প্ৰমোদ বড়োঃBody:প্ৰমোদ বড়োক গালি পাৰি হাগ্ৰামাৰ কোনো লাভ নহব
যোৱা পোন্ধৰ বছৰত হাগ্ৰামাক চিনি পাইছে ৰাইজে ৷
বৰমা ২৭ মাৰ্চঃ

অভিযোগ -প্ৰতিযোগেৰে এতিয়া গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৷ বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীয়ে এৱছুৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ পিচত এইবাৰ হাগ্ৰামাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এৱছুৰ সভাপতিগৰাকী ৷ কোনো ইছ্যু নাই বাবে হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক টাৰ্গেট কৰি লৈছে বুলি অভিযোগ কৰে প্ৰমোদ বড়োৱে ৷ তেওঁ কয় হাগ্ৰামা মহিলাৰীয়ে এবছু অথবা প্ৰমোদ বড়োক গলি পাৰিলে হাগ্ৰামা মহিলাৰীৰ কোনো লাভ লাভ নাই।
ইয়াৰ দ্বাৰা সমাজ বা হাগ্ৰামাৰ কোনো লাভ নহয় ৷ কাৰন প্ৰমোদ বড়োৰ কোনো দীঘলীয়া অতীত নাই ৷ কিন্তু হাগ্ৰামা মহিলাৰীৰ অতীত খুচৰিলেহে বহুত কিবা কিবি ওলাব । আজি মুছলপুৰত এক সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে এন ডি এফ বি (প্ৰ) ৰ সৈতে লগলাগি এবছুৱে শাল গছ কাটি নিৰ্বাচনৰ বাবে টকা সংগ্ৰহ কৰা বুলি যি অভিযোগ আনিছে সেয়া হাস্যকৰ আৰু ভিত্তীহীন বুলি মন্তব্য কৰে ৷ তাৰ পৰিৱৰ্তে হাগ্ৰামা মহিলাৰীৰে একাংশ সহযোগীয়ে অবৈধ ভাৱে কাঠ মিল, শিল ভঙা মিল বি টি এ ডিৰ বিভিন্ন অঞ্চলত চলাই অছে বুলি এৱছু সভাপতি গৰাকীয়ে অভিযোগ কৰে । এৱছুৰ সভাপতি প্ৰমোদ বড়োৱে পুনৰ অভিযোগ কৰি কয় যে জনসমাজত এৱছুক হেয় প্ৰতিপন্ন কৰাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে আবোল -তাবোল বকিছে ৷ ৰাজনীতিৰ বাবে সমাজক বিপথে পৰিচালিত কৰিবলৈ মোক আৰু এৱছুক টাৰ্গেট কৰি লৈছে ৷ কিন্তু ইয়াৰ দ্বাৰা হাগ্ৰামাৰ কোনো লাভ নহব ৷ প্ৰমোদ বড়োক গালি পাৰিলে এটা ভোটও নাবাঢ়ে ৷ ৰাইজে আজি কাক ভোট দিব সেয়া নিজেই ঠিৰাং কৰিছে ৷Conclusion:অভিযোগ প্ৰতিঅভিযোগেৰে তীব্ৰতৰ হৈছে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী বতাহ ৷
BYTE: এবছুৰ সভাপতি প্ৰমোদ বড়ো ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.