ETV Bharat / state

ৰঞ্জন দৈমাৰীক মুক্তিৰ দাবী এবছুৰ

author img

By

Published : Feb 22, 2020, 11:03 PM IST

এনডিএফবি নেতা ৰঞ্জন দৈমাৰীক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে ৷ বিটিআৰ শান্তি চুক্তি স্বাক্ষৰৰ পিছত এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰীক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পিচতে শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ।

ৰঞ্জন দৈমাৰীক মুক্তিৰ দাবী এবছুৰ
ৰঞ্জন দৈমাৰীক মুক্তিৰ দাবী এবছুৰ

শনিবাৰ, 22 ফেব্ৰুৱাৰীঃ শনিবাৰে কোকৰাঝাৰ স্থিত বড়োফা হাউচত সাংবাদিকৰ আগত এবছুৰ নৱ নিৰ্বাচিত সভাপতি দ্বীপেন বড়োৱে কয় যে দেশ আৰু ৰাজ্যৰ শান্তিৰ বাবে এনডিএফবিৰ চাৰিটা গোটে একেলগে শান্তু চুক্তিত স্বাক্ষৰ কৰিছিল। কিন্তু শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিচতে পুনৰ এনডিএফবি নেতা ৰঞ্জন দৈমাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰাটো দুৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰিছে ৷ এই ঘটনা দুখজনক বুলি উল্লেখ কৰাৰ লগতে শীঘ্ৰে ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুকলি কৰিবলৈ চৰকাৰক আহ্বান জনাই এবছুৰ সভাপতি দ্বীপেন বড়োৱে৷ আনফালে এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে ৰাজনীতিত যোগদানৰ বিষয় কয় যে ৰাইজৰ বিপুল দাবীৰ প্ৰতি সন্মান জনাইহে প্ৰত্যক্ষ ৰাজনীতিত যোগদান কৰিছে। চুক্তিৰ স্বাক্ষৰ পিছতে ৰাইজে চুক্তি স্বাক্ষৰকাৰী সকলৰ ৰাজনৈতিক সক্ৰিয়তা বিচাৰিছিল আৰু প্ৰত্যক্ষ ৰাজনীতিলৈ আহি অঞ্চলতোত ত্বৰাম্বিত কৰিবলৈ দাবী জনোৱাৰ পৰিণতিতে এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে ৰাইজৰ হেঁচাত ৰাজনীতিলৈ আহিবলগীয়া হ'ল বুলি উল্লেখ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷

ৰঞ্জন দৈমাৰীক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাক লৈ প্ৰতিক্ৰিয়া

লগতে চাওকঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা : ৰাষ্ট্ৰপতিৰ নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.