ETV Bharat / state

এবছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ 78সংখ্যক জন্মজয়ন্তী পালন

author img

By

Published : Jan 2, 2021, 4:09 PM IST

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক কনকেশ্বৰ নাৰ্জাৰীৰ 78সংখ্যক জন্মজয়ন্তী পালন কৰা হয় ৷ কোকৰাঝাৰৰ ছেৰফাংগুৰিত এবছুয়ে বড়োসকলৰ বিশিষ্ট ছাত্ৰনেতাগৰাকীক সোঁৱৰণ কৰে ৷

এবছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ 78সংখ্যক জন্মজয়ন্তী পালন
এবছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ 78সংখ্যক জন্মজয়ন্তী পালন

কোকৰাঝাৰ, 2 জানুৱাৰী : বড়োসকলৰ ছাত্ৰ আন্দোলনৰ অন্যতম গুৰি ধৰোতা তথা নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক কনকেশ্বৰ নাৰ্জাৰীৰ আজি 78সংখ্যক জন্মজয়ন্তী ৷ সেই উপলক্ষে কোকৰাঝাৰত এবছুৱে কেন্দ্ৰীয়ভাৱে নেতাগৰাকীৰ জন্মজয়ন্তী পালন কৰে ৷ কোকৰাঝাৰ এবছুৰ উদ্যোগত ৰাম্ফলবিল এবছুৰ সহযোগত প্ৰয়াত ছাত্ৰনেতাগৰাকীৰ জন্মজয়ন্তী পালন কৰা হয় ৷

কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি হাইস্কুল খেলপথাৰত উদযাপন কৰা হয় কনকেশ্বৰ নাৰ্জাৰীৰ 78সংখ্যক জন্মজয়ন্তী ৷ ছাত্ৰ নেতাগৰাকীৰ জন্মজয়ন্তী উপলক্ষে আয়োজন কৰা অনুষ্ঠানত এবছুৰ পতাকা উত্তোলন কৰে ছাত্ৰ সংগঠনটোৰ সভাপতি দ্বীপেন বড়োই ৷

ছাত্ৰনেতাগৰাকীৰ প্ৰতিমূৰ্তিত প্ৰথমে পুষ্পাঞ্জলি অৰ্পণ কৰে প্ৰয়াত নাৰ্জাৰীৰ সহধৰ্মিনী হিৰাবাঈ নাৰ্জাৰীয়ে ৷ পৰৱৰ্তী সময়ত এবছুৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি অন্যান্য কেন্দ্ৰীয়,জিলা,আঞ্চলিক আৰু শাখা সমিতিৰ নেতাসকলৰ লগতে জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে একাদিক্ৰমে পুষ্পাঞ্জলি অৰ্পণ কৰে ৷

এবছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক কনকেশ্বৰ নাৰ্জাৰীৰ সোঁৱৰণত এখন মুকলি সভাও অনুষ্ঠিত হৈ যায় ৷ এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীৰ পৰিচালনাত অনুষ্ঠিত হোৱা সভাখনত প্ৰয়াত নাৰ্জাৰীৰ জীৱন,কৰ্মৰাজি আৰু বড়ো সমাজলৈ তেওঁৰ অৱদানৰ ওপৰত আলোকপাত কৰা হয় ৷

লগতে পঢ়ক : বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক চিকিৎসালয়ত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.