কোকৰাঝাৰ, 23 জুলাই: কোকৰাঝাৰ জিলাৰ বিভিন্ন ঠাইত বিশেষকৈ জিলাখনৰ চৰ অঞ্চলসমূহত অনৈতিক আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি হাতত লোৱাৰ সিদ্ধান্ত লৈছে আমছুৱে ৷ কোকৰাঝাৰত প্ৰথম কাৰ্যকৰী সভাত এখন সুস্থ সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে কৰণীয় সকলোখিনি কৰি যোৱাৰ কথাও উল্লেখ কৰে অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে ৷
কাৰ্যকৰী সভাৰ শেষত আমছুৰ সভাপতি আমিনুৰ ইছলামে কয় যে সমাজত কয় যে, সমাজত বিয়পি থকা অসামাজিক কাৰ্যকলাপক সমুহ ৰোধ কৰাটো ছাত্ৰ সংগঠনৰ দায়িত্ব ৷ সম্পূৰ্ণ দায়ৱদ্ধতাৰে সেই দ্বায়িত্ব পালন কৰিব আমছুৱে ৷ ইতিমধ্যে সংখ্যালঘু অঞ্চলবোৰত বহু দিনৰ পৰা চলি অহা বাল্য বিবাহকে ধৰি ড্ৰাগছ, ভাং, জুৱা ইত্যাদিৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷
যোৱা 14 জুলাই দিনা কোকৰাঝাৰ জিলা আমছুৰ পুৰণি সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। অমিনুৰ ইছলামক সভাপতিৰ দায়িত্ব প্ৰদান কৰাৰ লগতে উপ সভাপতি সাফিকুল ইছলাম, সাধাৰণ সম্পাদক হিচাবে আব্দুল ললিফ আহমেদ, জামিৰ আলি সহ মুঠ 29 সদ্যসকলৈ জিলাৰ নতুন সমিতি গঠন কৰা হয়।